♦অসম চৰকাৰৰ সিদ্ধান্ত অনুসৰি পৰিবহন বিভাগে সোমবাৰৰ পৰা মহানগৰীত আৰম্ভ কৰিলে চিটীবাছ সেৱা ৷
♦তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ শিথিলতাৰ পিছতেই আজিৰে পৰা আৰম্ভ হৈছে বাছ সেৱা ৷
♦সোমবাৰে মহানগৰীত চলিল ১০০ খন চিটীবাছ ৷
♦ৰাজ্যখনত আন্তঃজিলা যাত্ৰী পৰিবহণৰ বাবে চলোৱা হৈছে ২১৪ খন বাছ ৷
♦পৰিবহন বিভাগে এই বাছসমূহত জনস্বাস্থ্যৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ নিৰ্দেশনাৱলী দিছে।
♦প্ৰতিখন বাছতে ৫০ শতাংশৰ অধিক আসন খালী ৰখা হ’ব ৷
♦সৰু গাড়ীসমূহত দুজনকৈ যাত্ৰী থাকিব নোৱাৰিব ।
♦বাছত যাত্ৰী থিয় হৈ যোৱাটো সম্পূৰ্ণৰূপে বন্ধ ৷
♦মংগলবাৰে মহানগৰীত চলাচল কৰা বাছৰ সংখ্যা ১০০ খনলৈ বৃদ্ধি।
♦পৰিবহন বিভাগে উত্তৰ পূবৰ আন ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
♦সেইদৰে অসমত আৱদ্ধ হৈ থকা লোকসকলকো ঘৰলৈ ঘুৰি যোৱাৰ সুবিধা পৰিবহন নিগমৰ ।