কৰ’না আতংকৰ মাজতে পৰিয়ালৰ সদস্যৰে পুনৰ সাক্ষাতক লৈ তীব্ৰ মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হৈছে বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰো কাৰাবন্দীসকল । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ চিং চং কাৰাগাৰত বন্দী হৈ থকা ফ্ৰান্সিস্ক’ হাৰ্ণান্ডেজৰ মানসিক অৱস্থাও ইয়াৰ পৰা পৃথক নহয়।মাত্ৰ কেইদিনমান পূৰ্বে কাৰাগাৰত একেলগে থকা এজন সংগীক কৰ’নাত হেৰুৱাবলগীয়া হোৱা ফ্ৰান্সিস্ক’ৱে ইয়াৰ মাজতে খবৰ লাভ কৰিলে যে তেওঁৰ মাতৃও আক্ৰান্ত হৈছে কৰ’নাত।
লাভ কৰা খবৰ অনুসৰি কৰ’না আক্ৰান্ত মাতৃৰ অৱস্থা বৰ্তমান ভাল নহয় । মাতৃ পুনৰ সুস্থ হৈ নুঠিব পাৰে বুলিও আশংকাৰ সৃষ্টি হৈছে, কিন্ত ফ্ৰান্সিস্ক’ৰ হাতত মাতৃক সাক্ষাতৰ কোনো উপায় নাই । এনে এক তীব্ৰ মানসিক চাপৰ মাজতে কাৰাগাৰৰ ভিতৰত আন ১০জন কাৰাবন্দীৰ স’তে মাস্ক চিলাই কৰি গৈছে ফ্ৰান্সিস্ক’ৱে । প্ৰায় ২০বছৰ পূৰ্বে এটি হত্যাৰ চেষ্টাৰ গোচৰত ফ্ৰান্সিস্ক’ৰ শাস্তি হিচাপে আৰম্ভ হৈছিল কাৰাবন্দী জীৱনৰ। কাৰাবন্দীৰ পৰা মুক্তি লাভ কৰিবলৈ ফ্ৰান্সিস্ক’ৰ আৰু তিনি বছৰ বাকী আছে ।
তিনি বছৰ পাছত মুক্তি লাভ কৰিলেও মাতৃক পুনৰ দেখা নোপোৱাৰ আশংকাত হতাশগ্ৰস্ত হৈ পৰিছে ফ্ৰান্সিস্ক’। ক’ভিড-১৯ এ কাঢ়ি নিব পাৰে মাতৃৰ জীৱন ।দিনে-নিশাই মাস্ক চিলাই কৰি গ’লেও মাতৃৰ চিন্তাত অস্থিৰ হৈ পৰিছে ফ্ৰান্সিস্ক। পূৰ্বৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা মেকাৰ্থি কৰ’না আক্ৰান্ত হৈ পৰাৰ পাছত শৰীৰৰ অৱস্থা শোচনীয় হৈ পৰিছে।
কাৰাগাৰ কর্তৃপক্ষলৈ বুলি ফ্ৰান্সিস্ক’ৱে ইতিমধ্যে মাতৃক এবাৰ সাক্ষাতৰ সুযোগ বিচাৰি তিনিখনকৈ আবেদন কৰিছে । এই ক্ষেত্ৰত আইনজ্ঞাৰো সহায় লৈছে ।অন্ততঃ এবাৰলৈ হ’লেও মাতৃৰ স’তে ভিডিঅ’ কল যোগে কথা পতাৰো অনুমতি বিচাৰি ফ্ৰান্সিস্ক’ৱে কাৰাগাৰ কর্তৃপক্ষলৈ আবেদন কৰিছে, কিন্তু এতিয়ালৈ এই ক্ষেত্ৰত কোনো সুফল লাভ কৰা নাই ।
ADVERTISEMENT





























