ৰাজ্যত কাঠফুলা ভক্ষণ কৰি পুনৰ মৃত্যু হ’ল এজনৰ। তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত মেলামাটিৰ সমীপৰ ডফলাটিঙ মিচিং গাঁৱৰ নিবাসী মহীপাল পলঙৰ পুত্ৰ কিৰণ পলঙ (২৬)ৰ কাঠফুলা খাই মৃত্যু হয়। তেওঁৰ পিতৃ মহীপাল পলঙেও মূমূৰ্ষু অবস্থাত মৃত্যুৰ ক্ষণ গণিছে। প্ৰাপ্ত তথ্য মতে ১ মে’ৰ গধুলি মহীপাল পলঙ আৰু তেওঁৰ পুতেকে কিৰণ পলঙে ভাতৰ লগত বনৰীয়া কাঠফুলা ভক্ষণ কৰে । কাঠফুলা খোৱাৰ প্ৰসংগত পৰিয়ালটোৰ আন তিনিজন ভাতৃ আৰু মাতৃৰ লগত মতানৈক্য হৈছিল । কিন্তু তেওঁলোক দুজনে বাধা নামানি কাঠফুলা ভক্ষণ কৰে । কাঠফুলা খোৱাৰ পিছত দুয়োজন বিষক্ৰিয়াত আক্ৰান্ত হোৱাত ২ মে’ত যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰে । দুৰ্ভাগ্যজনক ভাৱে যোৱা নিশা প্ৰায় ১১টা বজাত কিৰণ পলঙৰ মৃত্যু হয়। আনহাতে মৃত কিৰণ পলঙৰ পিতৃৰ অৱস্থা শোচনীয় হোৱাত আৰোগ্য হোৱাৰ আশা নাই বুলি চিকিৎসালয়ৰ পৰা পঠিয়াই দিয়ে । ইপিনে, চিকিৎসালয়ৰ পৰা পঠিয়াই দিয়াৰ পাছতে এতিয়া তেঁও মৃত্যুৰ ক্ষণ গণিছে ।
তিতাবৰত কাঠফুলা খাই পুত্ৰৰ মৃত্যু
-
By publisher

Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026