নিস্তব্ধ প্ৰকৃতিৰ মাজত কলিয়াবৰৰ বননিত জাক পাতি উৰিছে দুষ্প্ৰাপ্য ধনেশ চৰাই

CYMERA 20200507 163052

পক্ষীবিদসকলৰ দৃষ্টিক চমকাই তুলি আশ্চৰ্যকৰ ভাৱে পাঁচ-ছয় দশকৰ পিছত কলিয়াবৰৰ নিস্তব্ধ প্ৰকৃতিৰ মাজত উৰি ফুৰিছে দুষ্প্ৰাপ্য ধনেশ পক্ষীৰ বৃহৎ জাক৷ সাধাৰণতে সকলোৰে দৃষ্টিত যোৰ পাতিহে ধৰা দিয়া যুৰীয়া ধনেশে ৷ কিন্তু এই সময়ত হয়তো প্ৰকৃতিৰ নিস্তব্ধ নান্দনিকতাৰ বাবেই জাক পাতি উৰিবলৈ আৰম্ভ কৰিছে কলিয়াবৰৰ নিজান বননিত দুষ্প্ৰাপ্য ধনেশ চৰাই ৷ বিভিন্ন পক্ষীবিদৰ ভাষ্য অনুসৰি ধনেশ পক্ষীয়ে সাধাৰণতে নিজান বননিৰ ওখ বিৰিখৰ ডালত, গছৰ ধোন্দত যোৰপাতি বাস কৰে । কিন্তু এই ধাৰণা ভুল প্ৰমাণিত কৰি কলিয়াবৰৰ নিজান বননিত দেখা গৈ ধনেশৰ জাকৰ অভূতপূৰ্ব দৃশ্য৷ সম্প্ৰতি কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধত হোৱা চৌপাশৰ নিস্তব্ধতা পশুপক্ষী, গছ গছনিৰ কাৰণে যেন আৰ্শীবাদলৈ ৰূপান্তৰ ঘটিছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কলিয়াবৰৰ বিভিন্ন জনাঞ্চলৰ লগতে জয়সাগৰৰ দলনি আৰু ইয়াৰ সমীপৱৰ্তী শ্ৰৱণীসত্ৰ, দলিবাৰী আদি কলং সূতিৰ পাৰৰ অঞ্চলসমূহত আজি কেইদিনমান ধৰি বিচৰণ কৰিছে প্ৰায় ত্ৰিশ-চল্লিশজনীয়া এটা বৃহৎ ধনেশ পক্ষীৰ জাকে ৷

প্ৰকৃতিপ্ৰেমী প্ৰণৱ মহন্তৰ লগতে জোনাক মহন্তই প্ৰথমতেই লক্ষ্য কৰি নিজ কেমেৰাত বন্দী কৰিছে এই ধনেশৰ দূৰ্লভ দৃশ্য ৷ স্থানীয় সত্তৰ আশীউদ্ধৰ জেষ্ঠ সকলে প্ৰকাশ কৰা মতে তেওঁলোকে শৈশৱতে আকাশত প্ৰত্যক্ষ কৰিছিল এনে ধনেশৰ বৃহৎ জাক৷ এই ধনেশ প্ৰজাতিৰ ইংৰাজী নাম ’অৰিয়েণ্টেল পাইড হৰ্ণবিল৷’ উল্লেখ্য যে, সাধাৰণতে গছৰ খোৰোঙত এই বিধ চৰাইয়ে বাহ সাজে। যদি খোৰোং নাপাই তেতিয়া পাহাৰ শিলৰ মাজতো বাহ সাজে এই প্ৰজাতিৰ চৰায়ে। মাইকী পক্ষীজনী কণী পাৰিবলৈ আৰু উমনি দিবলৈ খোৰোঙত সোমাই থকাৰ সময়ত খোৰোঙৰ মুখখন আলতীয়া মাটি আৰু সিহঁতৰ বিষ্ঠাৰে লেপন দি লয় । অকল মাইকী চৰাইজনীৰ ঠোঁটতো অলপ ওলায় থাকে আহাৰ গ্ৰহণৰ বাবে। উমনিৰ পৰা পোৱালি ফুকাই ডাঙৰ নোহোৱালৈ মাইকী চৰাইজনীয়েজনী খোৰোঙৰ ভিতৰতে নিজক আবদ্ধ কৰি ৰাখে। সেই সময়চোৱাত মাইকী জনীৰ পাখী সৰি যোৱাত মাকে পোৱালি ধৰিব নোৱাৰা এটি অৱস্থাৰ সৃষ্টি হয় । পোৱালি ডাঙৰ হ’লেই বাহৰ মুখখন মতা চৰায়টোয়ে ভাঙি দিলেহে পোৱালিসহ মাক চৰাইজনী ওলায় আহে।

কিছুদিনৰ পিচত পাখী গজিবলৈ আৰম্ভ কৰে চৰাইজনীৰ। এই সময়চোৱাতো মতা ধনেশ পক্ষীটোয়ে আহাৰ বিচাৰি যোগান দিয়াতে ব্যস্ত থাকিবলীয়া হয় । বাহৰ ভিতৰত থকা সময়ত গছৰ গুটি, ফলমুল, জেঠি, কুমতি, ভেকুলী, সৰু সৰু সাপ আদি আনি মাইকী চৰাইজনীক খুৱাই দিয়ে আৰু মাইকী জনীয়ে সৰু পোৱালিবোৰক খুৱাই। এই সময় খিনিত যদি কোনো দুস্কৃতিকাৰিয়ে মতা ধনেশ পক্ষীটোক মাৰি পেলায় তেন্তে গোটোই পৰিয়ালটোৰে মৃত্যু ঘটে। আনহাতে ধনেশ পক্ষী কে’বা প্ৰজাতিৰ আছে ৷ সৰু জাত বিধৰ নাম কাও ধনেশ । সাধাৰণ দৃষ্টিত যোৰপাতি বাস কৰা আৰু মানুহেও যুৰিয়া ধনেশ প্ৰত্যক্ষ কৰাটো এক চিনাকি ছবি যদিও এতিয়া কলিয়াবৰৰ আকাশত এনে বৃহৎ বৃহৎ ধনেশ চৰাইৰ জাকে প্ৰকৃতিপ্ৰেমীৰ মনত আনন্দ দিয়াৰ লগতে বহু প্ৰশ্নৰো সৃষ্টি কৰিছে৷ বহ বছৰৰ পূৰ্বে বৃদ্ধসকলে এনে ধনেশৰ জাক উৰাৰ কথা কয় যদিও এনে দৃশ্য প্ৰত্যক্ষ কৰিবলৈ পোৱা নাছিল নৱপ্ৰজন্মই৷ কিন্তু বৰ্তমানে তলাবন্ধৰ ফলতে গঢ়ি উঠা নিস্তব্ধতা বা যি কাৰণেই নহওক এনে অনুপম দৃশ্যই সকলোকে প্ৰকৃতিৰ লগত একাত্ম হৈ ইয়াৰ শোভা পান কৰাৰ সুযোগ দিছে৷

Exit mobile version