ৰাজ্যত দ্বিতীয়জন কৰ’না আক্ৰান্ত ৰোগী মৃত্যু হোৱা ঘটনা নিশ্চিত কৰিলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | প্ৰকৃত চিকিৎসাৰ অভাৱত মৃত ১৬ বছৰীয়া দীপিকা নাথ লখৰাৰ বাসিন্দা | মৃত্যুৰ পাছত নমুনা সংগ্ৰহ কৰা হৈছিল কিশোৰাগৰাকীৰ | ভৰিত বিষ অনুভৱ কৰি ২৭ এপ্ৰিলত জ্বৰত আক্ৰান্ত হৈছিল দীপিকা | বেলতলা ইএছআই হাস্পতালত চিকিৎসা গ্ৰহণ কৰি বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত আইতাক মালতী বাছফৰ ঘৰলৈ ভনীয়েকৰ লগত যায় |
সাত মে’ত পুৱা ভৰিত বিষ হৈ সন্ধিয়া বমি হৈ মৃত্যু হয় | মৃত্যুৰ ঘটনা জিএমচিএইচত কতৃপক্ষই অৱগত হৈ কৰ’নাৰ নীতি-নিৰ্দেশনা মাজেৰে কিশোৰীগৰাকী সৎকাৰ কৰা হয় আৰু নমুনা সংগ্ৰহ কৰা হয় | কালি কিশোৰীগৰাকী নমুনা পৰীক্ষা ফলাফল পজিটিভ আহে | ইতিমধ্যে কিশোৰীগৰাকীৰ ঘৰ লখৰা, বেলতলা হাস্পতাল আৰু বি. বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানত কন্টেক টেষ্টিং কাম আৰম্ভ কৰি বি. বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানক কণ্টেইনমেন্ট জ’ন হিচাপে চিহ্নিত কৰা হৈছে |