কিদৰে সংক্ৰমিত হৈছিল কৰ’না

corona

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিষেধক বা ভেকচিনৰ প্ৰয়োজন হৈছে । যথাসম্ভৱ সোনকালে এই মাৰাত্মক ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন কৰাটো অতি জৰুৰী । এই সন্দৰ্ভত চীনলৈ গৈ কৰ’না বিষয়ক অধিক তথ্যপাতি আহৰণ কৰিব বিচাৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । কিদৰে চীনৰ পৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ হৈছিল  এই বিষয়ত প্ৰকৃত তথ্য আহৰণ কৰাটো অতি জৰুৰী বুলি বিশ্ব স্বাস্থ্য সংস্থাই মত ব্যক্ত কৰি প্ৰকাশ কৰা মতে আন্তৰ্জাতিক স্বাস্থ্য সংস্থাটোৰ বিশেষজ্ঞই এই সন্দৰ্ভত তদন্ত চলোৱাৰ বাবে চীনলৈ যাব বিচাৰে।

 

 

কিদৰে মানৱ শৰীৰত প্ৰথমে কৰ’না ভাইৰাছ প্ৰৱেশ কৰিছিল ? ইতিমধ্যে এই বিষয়ত চীনত বিশ্ব স্বাস্থ্য সংস্থাত কৰ্মৰত বিষয়াসকলে আলোচনাত মিলিত হৈছে । কাৰণ জনাৰ পাছত পৰ্যবেক্ষণৰ প্ৰস্তাৱো চীনক দিয়া হৈছিল । অৱশ্যে এতিয়ালৈকে এই বিষয়ত চীনৰ বৈদেশিক মন্ত্ৰণালয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । বিশ্ব স্বাস্থ্য সংস্থাৰ মহামাৰী বিশেষজ্ঞ ড° মাৰিয়া ভেনে এইদৰে কয় । উল্লেখযোগ্য যে পূৰ্বে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই চীনলৈ গৈছিল । কিন্তু প্ৰাণীৰ জৰিয়তে মানৱ শৰীৰত কৰ’না ভাইৰাছৰ সংক্ৰমণ ঘটাৰ তথ্য বিশেষজ্ঞৰ দলে লাভ কৰিলেও কি প্ৰাণীৰ পৰা কেনেদৰে মানৱ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ হৈছিল, সেই সন্দৰ্ভত কোনো নিশ্চিত তথ্য লাভ কৰা নাছিল ।

 

 

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞই কয় যে যেতিয়ালৈকে কেনেকৈ মানৱ শৰীৰত কৰ’নাৰ সংক্ৰমণ হৈছিল, তাৰ নিশ্চিত তথ্য লাভ কৰা নহ’ব । তেতিয়ালৈকে এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতিষেধক প্ৰস্তুত কৰাটো বিজ্ঞানীসকলৰ বাবে সহজ নহ’ব । কৰ’নাৰ সন্দৰ্ভত নিৰ্ভৰযোগ্য তথ্য আহৰণৰ বাবে সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই বিশেষজ্ঞৰ এটি দল চীনলৈ প্ৰেৰণ কৰিব বিচাৰিছে ।

Exit mobile version