খাদ্য সুৰক্ষা আঁচনিত বাদ পৰা লোকৰ সাহায্যক লৈয়ো অনিয়ম

image 2

কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা দীঘলীয়া তলাবন্ধৰ ফলত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কোটি কোটি লোক চৰম দুৰ্দশাৰ সন্মুখীন হৈছে ৷ বিশেষকৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অন্তৰ্ভুক্ত নোহোৱা দুখীয়া লোকসকলৰ অৱস্থা অধিক কাহিল হোৱাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে তেনে লোকসকলৰ প্ৰতিজনৰ বিপৰীতে প্ৰতিমাহে পাঁচ কিলোগ্ৰামকৈ চাউল দিয়াৰ আঁচনি গ্ৰহণ কৰি ৰূপায়ণ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে ৷ কিন্তু এই আঁচনিৰ বাবে হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।

অভিযোগ অনুসৰি ৰাজ্যৰ ৩৩ খন জিলাৰ পৰা তালিকাত নাম অন্তৰ্ভুক্তসকলৰ বুজন সংখ্যক লোক দৰিদ্ৰ সীমাৰেখাৰ আওতাত নপৰে । সেইবাবে তেওঁলোক খাদ্য সুৰক্ষা আঁচনিৰ অন্তৰ্ভুক্ত নহয় । অথচ নাম অন্তৰ্ভুক্ত হৈছে আঁচনিখনৰ আওতাত নপৰা দৰিদ্ৰ লোক হিচাপে । ইয়াৰ পৰিপ্ৰেক্ষিতত জিলাবোৰত চাউল বিতৰণৰ কাম ব্যাপক ৰূপত আৰম্ভ হোৱা নাই । তাৰ বিপৰীতে বিভিন্ন জিলাত মুস্তিমেয় একাংশ লোকক লৈ আঁচনি ৰূপায়নৰ কাম আৰম্ভ হ’লেও সমান্তৰালভাৱে অনুসন্ধান চলিছে। এই অনুসন্ধানত মুখ্যতঃ নিয়োজিত কৰা হৈছে বি এল অ’সকলক । কাৰণ বি এল অ’ সকল প্ৰতিটো পৰিয়ালৰ লগত পৰিচিত ।

ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ তথ্য অনুসৰি অসমত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ বাদ পৰা দুখীয়া পৰিয়ালৰ সংখ্যা হ’ল ৯,৯৫,৩৮১ টা । এই পৰিয়ালবোৰত থকা জনসংখ্যাৰ পৰিমাণ হ’ল ৪৪,৭৯,২১৫ জন । তেওঁলোকৰ বাবে প্ৰয়োজন হোৱা চাউলৰ পৰিমাণ হ’ল ২,২৩,৯৬০.৭ কুইন্টল ৷ খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক বিনামূলীয়াকৈ চাউল যোগান ধৰিছে । তেনে ক্ষেত্ৰত উপযুক্ত হৈয়ো বিভিন্ন কাৰণত আঁচনিৰ পৰা বাদ পৰা লোকসকল তলাবন্ধৰ ফলত বৃহৎ সমস্যাৰ সন্মুখীন হৈছে ।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকাতো ব্যাপক বিসংগতি সংঘটিত হৈছে । সেয়েহ তাৰ মাজতে যোগান বিভাগৰ তালিকাখনক লৈ যাতে নতুনকৈ হৈ চৈৰ সৃষ্টি নহয় তাৰ প্ৰতি চৰকাৰ অধিক সতৰ্ক হৈ পৰে কিন্তু বাস্তৱত তালিকাৰ পৰা বহু প্ৰকৃত হিতাধিকাৰী বাদ পৰাৰ অভিযোগ উত্থাপিত হৈছে।

Exit mobile version