সুৰক্ষা ব্যৱস্থা অবিহনেই কৰ’না আক্ৰান্তৰ চিকিৎসা এইমছৰ চিকিৎসকৰ

1600x960 172866 doc web

পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা অবিহনেই একমাত্ৰ মানৱীয় কাৰণত কৰ’না আক্ৰান্তক চিকিৎসা কৰি এইমছৰ এজন যুৱ চিকিৎসকে নিজে এতিয়া কোৱাৰেণ্টাইনত যাবলগীয়া হৈছে । চিকিৎসক জন কাশ্মীৰৰ অনন্তনাগস্হিত য়ানিহামা-ডায়াল গাঁৱৰ বাসিন্দা ডাঃ মজিদে । যোৱা দুবছৰ ধৰি ডাঃ মজিদে নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ৰ্বিজ্ঞান প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে । এইজন চিকিৎসকে মানৱীয় কাৰণত জীৱনক তুচ্ছ কৰিও আগবঢ়োৱা সেৱাৰ বাবে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে । ঘটনাটো যোৱা সাত মে’ৰ । সমগ্ৰ দিনটো ৰোগী চোৱাৰ পাছত ডাঃ মজিদে সন্ধিয়া ৰোজা ভাঙিবলৈ বুলি নিজ আৱাসলৈ গৈছিল । সেই সময়তে ডাঃ মজিদলৈ এইমছৰ পৰা এটি ফোন আহে । এইমছৰ উৰ্ধতন কৰ্তৃপক্ষৰ পৰা ডাঃ মজিদক এম্বুলেন্সযোগে ‘ট্ৰমা চেণ্টাৰ’লৈ অনা এজন কৰ’না আক্ৰান্তক চাবলৈ কোৱা হয় । সেয়েহে ডাঃ মজিদক তৎকালে এইমছলৈ আহিবলৈ কোৱা হয় । ইয়াৰ পাছতে ডাঃ মজিদ ততাতৈয়াকৈ কৰ্মস্থলীত উপস্থিত হয়গৈ ।

সন্ধিয়া হোৱা হেতুকে সেই সময়ত প্ৰায় এন্ধাৰ নামি আহিছিল । এম্বুলেন্সৰ ভিতৰত দুৰ্বল পোহৰৰ বাবে সেইসময়ত ভালদৰে একো দেখিবলৈ পোৱা হোৱা নাছিল । পিন্ধি থকা পাৰ্চনেল প্ৰটেকটিভ ইকুইপমেণ্ট (পি পি ই) পোছাক ইতিমধ্যে খুলিছিল ডাঃ মজিদে । পোহৰ কম হোৱা বাবে সঠিকভাৱে একো দেখিবলৈ নোপোৱাত ডাঃ মজিদে মুখ মণ্ডলত থকা আৱৰণ তথা চকুত থকা চশমাও খুলি দিয়ে । অৱশ্যে মুখত এন-৯৫ মাস্ক পৰিধান কৰি ডাঃ মজিদে সেই সময়তে দেখিবলৈ পায় কৰ’না আক্ৰান্তজনৰ শ্বাস নলীত লগাই থোৱা পাইপডাল সঠিক ভাৱে লগোৱা নাই । ফলত ৰোগীজনে শ্বাস প্ৰশ্বাস লোৱাত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে । অতি শীঘ্ৰে পাইপডাল সঠিক ভাৱে লগোৱা নহ’লে ৰোগীজন হৃদৰোগত আক্ৰান্ত হ’ব পাৰে । সেয়েহে আগ-পিছ নভবাকৈ ডাঃ মজিদে নিজ হাতেৰেই পাইপডাল সঠিকভাৱে লগোৱাৰ সিদ্ধান্ত লয় ।

কৰ’না আক্ৰান্ত জনক এইমছত ভৰ্তি কৰাৰ পাছত ঊৰ্ধ্বতন কৰ্তৃপক্ষক পি পি ই অবিহনে কৰা এই কামৰ বিষয়ে জনায় ডাঃ মজিদে। কৰ’না আক্ৰান্তৰ সংস্পৰ্শলৈ অহাটো নিশ্চিত হোৱাৰ পিছত ডাঃ মজিদক কোৱাৰেণ্টাইনত পঠোৱা হয়। আনহাতে, কৰ’না আক্ৰান্তজনক ৰখা হৈছে ভেন্টিলেটৰত। বিষয়টোৰ সন্দৰ্ভত ডাঃ মজিদে সাংবাদিকক কয়, ‘আজি দেউতাই মোলৈ ফোন কৰিছিল । তেওঁ মোক ক’লে যে কৰ’না আক্ৰান্তক চিকিৎসা কৰাৰ সময়ত মোৰ যদি মৃত্যুও হয় তেন্তে তেওঁ দুখ নকৰে। অনেকজনৰ জীৱন ৰক্ষাৰ পাছত মোৰ পুত্ৰক ছহিদ হোৱা বুলি ভাবিম। দেউতাৰ স’তে কথা পতাৰ পিছত মোৰ মনত থকা বোজাটো আঁতৰি যোৱা যেন অনুভৱ কৰিছো। মই সেই সময়ত যেনেদৰে আগবাঢ়ি গৈছিলো তেনে কাৰ্যক মোৰ পিতৃ-মাতৃয়ে প্ৰশংসাই কৰিছে। ‘অৱশ্যে নিজে কৰা কামক একমাত্ৰ কৰ্তব্য বুলিহে কৈ ডাঃ মজিদে পুনৰ কয়, বৰ্তমান পবিত্ৰ ৰমজান চলি আছে। এই সময়ত মই এজন মুমূৰ্ষুপ্ৰায় ৰোগীক সেৱা আগবঢ়াইছো । চিকিৎসক হিচাপে অথবা মানুহ হিচাপে কোনো ৰোগীৰ ক্ষতি হোৱাটো নিশ্চয় নিবিচাৰিম । তদুপৰি এইমছত জ্যেষ্ঠ চিকিৎসক সকলকো এনেদৰেই আগবাঢ়ি যোৱাটো দেখিছো । ইফালে, পি পি ই কিট পৰিধান নকৰাকৈ ৰোগীৰ ওচৰলৈ যোৱাটো অতিকৈ বিপদজনক কাৰ্য বুলি উল্লেখ কৰি অন্যান্য চিকিৎসসকলক এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ সকীয়াই দিয়ে।

Exit mobile version