উত্তৰ ছিকিমৰ ভাৰতৰ সীমান্তৱৰ্ত্তী নাকু লা খণ্ডত ভাৰত চীনৰ সেনাবাহিনীৰ সংঘৰ্ষৰ পূৰ্বে লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সঘনাই সংঘৰ্ষত লিপ্ত হৈছিল দুয়ো দেশৰ সেনা । তাৰ পূৰ্বে লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত উৰিছিল চীনৰ যুঁজাৰু বিমান। যোৱা পাঁচ মে’ত এই ঘটনা সংঘটিত হৈছিল ৷ চীন আৰু ভাৰতৰ সীমান্তৰক্ষী বাহিনীৰ মাজত অতি শেহতীয়াভাৱে সংঘটিত সংঘৰ্ষৰ পাছত পোহৰলৈ আহিছে যে চীনে নিয়ন্ত্ৰণ ৰেখাত আকাশ সীমা উলংঘন কৰি আহিছে । পাঁচ মে’ৰ দিনাখন লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ অতি ওচৰলৈ আহিছিল চীনৰ দুখন যুঁজাৰু বিমান ৷ এসময়ত এই বিমান দুখনে ভাৰতৰ আকাশ সীমা উলংঘন কৰে । এই ঘটনা ইচ্ছাকৃত আছিল বুলি ভাৰতীয় সেনাই অভিযোগ কৰিছে ।
ভাৰতক ব্যতিব্যস্ত কৰিবলৈ চীনে ইচ্ছাকৃতভাৱে কৌশল ৰচা বুলি ভাৰতীয় সেনা বাহিনীয়ে অভিযোগ কৰে । পাঁচ মে’ৰ দিনাখন চীনৰ যুঁজাৰু বিমান দুখন নিয়ন্ত্ৰণ ৰেখাৰ ওচৰে পাঁজৰে উৰি থকাৰ কথা ভাৰতীয় বায়ুসেনাৰ এখন বিমান নিয়মীয়া টহলত উদ্ধাৰ কৰে ।চীনৰ বিমানৰ অৱস্থিতিৰ বিষয়ে জানিব পাৰি সেই ঠাইলৈ উৰি যায় ভাৰতীয় বায়ুসেনা বাহিনীৰ যুঁজাৰু টহলদাৰী জেদ । অৱশ্যে ভাৰতে আকাশ সীমা উলংঘন কৰা নাই বুলি কোৱা হয় । সেইসময়ত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’ল যদিও সেইদিনাখন সন্ধিয়াই সীমান্ত ভূমিত সংঘৰ্ষত লিপ্ত হৈ দুই দেশৰ সেনা ।
মনকৰিবলগীয়া যে লাডাখৰ লেহ আৰু থ’ইছেত ভাৰতীয় বায়ুসেনা বাহিনীৰ দুটা মূল ঘাটি আছে ৷ এই দুটা ঘাটিত যুঁজাৰু জেট স্থায়ীভাৱে নিয়োগ কৰা হোৱা নাই যদিও সমগ্ৰ বছৰজুৰি ইয়াত সংক্ৰিয় কুচকাৱাজ অব্যাহত থাকে ৷ ভাৰত আৰু চীনৰ সীমান্তৰ সংঘৰ্ষ কোনো নতুন ঘটনা নহয় । লাডাখৰ সীমান্তৰে পূৰ্বে বহুবাৰ চীনৰ সামৰিক হেলিকপ্টাৰে ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰি এই অঞ্চল নিজৰ বুলি দাবী কৰি আহিছে । ভাৰত চীনৰ সীমান্তৰ আন অঞ্চলসমূহৰ দৰে এই স্থানতো সীমান্ত স্পষ্টকৈ চিহ্নিত কৰা হোৱা নাই। ফলত সময়ে সময়ে চীনে ভাৰতৰ ভাৰতৰ ভূমিত প্ৰবেশ কৰি অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা চলাই আহিছে ৷