ক’ভিদ-১৯ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ দেশত অব্যাহত থকা তলাবন্ধৰ প্ৰত্যক্ষ প্ৰভাৱত বেলি মাৰ যোৱাৰ উপক্ৰম হৈছে ৰাজ্যৰ হোটেলত ৰেস্তোৰাঁৰ ব্যৱসায় ৷ ৰাজ্যৰ নিবনুৱা সংস্থাপনৰ প্ৰতি আশাৰ ৰেঙণি কঢ়িয়াই অনা তথা যুৱ প্ৰজন্মৰ হাতত ক্ৰমাৎ ঠন ধৰি উঠা উদ্যোগটো সাম্প্ৰতিক সময়ত অৰ্থনৈতিক সংকটৰ কৰাল গ্ৰাসত পৰি অস্তগামী আকাশত সোমাই পৰিছে । নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ পৰাই ৰাজ্যৰ হোটেল ৰেস্তোৰাঁসমূহলৈ নামি অহা অবাঞ্ছনীয় অন্ধকাৰখিনি এতিয়াও আঁতৰি যোৱা নাই ।
উল্লেখযোগ্য যে নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ সময়ৰে পৰা বৰ্তমানলৈকে ৰাজ্যৰ প্ৰায় ৫০ হেজাৰ উন্নতমানৰ হোটেল ৰেস্তোৰাঁই ব্যাপকভাৱে ক্ষতিৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিছে এই উদ্যোগত জড়িত ব্যৱসায়ীসকলে ৷ যাৰ পৰিপ্ৰেক্ষিতত যোৱা নৱেম্বৰৰ পৰা বৰ্তমানলৈ প্ৰায় ২০ ৰ পৰা ৩০ কোটি টকা লোকচানৰ বোজা সহিব লগা হৈছে স্বত্বাধিকাৰীসকলে । লোকচানৰ ভৰ সহিব নোৱাৰি ইতিমধ্যে ৰাজ্যৰ কে’বাখনো নামী দামী হোটেল ৰেস্তোৰাঁ বন্ধ হৈ পৰিছে । আৰু বহুকেইখন বন্ধ হৈ যোৱাৰ উপক্ৰম ঘটিছে ৷ কৃষিপ্ৰধান ৰাজ্যখনত বহু শিক্ষিত নিবনুৱাই অশেষ কষ্টৰে নিজকে প্ৰতিষ্ঠা কৰাৰ উপৰি বহু নিবনুৱাক সংস্থাপন প্ৰদান কৰি ন-ৰূপত গঢ়ি তুলিছিল যদিও প্ৰায় ৫০ হেজাৰ হোটেল ৰেস্তোৰাঁ ।
মহানগৰীবাসীক দেশী বিদেশী খাদ্যৰ লগতে থলুৱা খাদ্যৰ জুতি দি অহা কনফুচিয়াছ, ডেলীকেচী, ছানফ্লাৱাৰ, ফুড এক্স, চিক এন চিলি , জেবিজ, জে-১৪, হেৰিটেজ খৰিকা, মিচিং কিটচেন, খৰিকা, থলগিৰি, পাকঘৰ, আহাৰ, উৰুকা, ভোট জলকীয়া, নাগা কিটচেন, ন ভোজ, মাইহাং আদি ৰেস্তোৰাঁ যোৱা ২২ মাৰ্চৰ পৰাই বন্ধ হৈ থকাৰ ফলত এই ৰেস্তোৰাঁসমূহ আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ।দোকানসমূহৰ মাহিলী ভাড়াৰ লগতে প্ৰতিষ্ঠানসমূহত জড়িত হৈ থকা কৰ্মচাৰীসকলৰ মাহিলী বেতন দিয়াৰ ক্ষেত্ৰত নিৰুপায় হৈ পৰিছে স্বত্বাধিকাৰীসকল । ইফালে, গ্ৰাহকক ঘৰে ঘৰে খাদ্য সামগ্ৰী যোগান ধৰি অহা যুৱক এই হোটেল ৰেস্তোৰাঁসমূহ বন্ধ হৈ থকাৰ ফলত কৰ্মহীন হৈ নিজ গৃহলৈ ৰাওনা হ’বলৈ বাধ্য হৈছে । আৰ্থিকভাৱে জুৰুলা হৈ পৰা মহানগৰীৰ হোটেল-ৰেস্তোৰাঁসমূহৰ স্বত্বাধিকাৰীসকলে নিজৰ লগতে কৰ্মচাৰীসকলৰ অনাকাংক্ষিত ভৱিষ্যতক লৈ একপ্ৰকাৰ চিন্তিত হৈ পৰিছে । পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰিছে ।
ইপিনে সাম্প্ৰতিক পৰিস্থিতিত হোটেল ৰেস্তোৰাঁসমূহৰ ব্যৱসায় সন্দৰ্ভত বিভিন্ন হোটেল স্বত্বাধিকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মহানগৰীত একাধাৰে ২০ বছৰ ধৰি ব্যৱসায় কৰা জেবিজৰ স্বত্বাধিকাৰী গোপাল জালানে বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত কয় “ব্যৱসায়ত উত্থান পতন থাকিব । এই সময় সমগ্ৰ বিশ্ববাসীৰ কাৰণে দুঃসময় ৷ পৰিস্থিতি স্বাভাৱিক হৈ উঠক ৷ কিন্তু বহু ব্যৱসায়ীয়ে পুনৰ এই ব্যৱসায়লৈ ঘূৰি আহিব নে নাই, মই চিন্তিত। “মহানগৰীৰ আগশাৰীৰ ৰেস্তোৰাঁ হেৰিটেজ খৰিকাৰ স্বত্বাধিকাৰী তথা মাষ্টাৰ চেফ অতুল লহকৰে হোটেল ৰেস্তোৰাঁসমূহৰ অনাগত ভৱিষ্যতৰ ভয়াৱহ পৰিস্থিতিৰ ব্যাখ্যা কৰি কয়”হোটেল ৰেস্তোৰাঁক লৈ আমি অসহায় ৷ কি কৰিম ভাবি পোৱা নাই। এই সময়ছোৱাত অধিকাংশ হোটেল ৰেস্তোৰাঁৰ ১০ ১৫ লাখকৈ ক্ষতি হৈছে । মহানগৰীৰ কে’বাখনো ৰেস্তোৰাঁ বন্ধ হৈ পৰিছে । লগতে অনলাইনত গ্ৰাহকে সুৰক্ষিত অনুভৱ নকৰে বুলি মন্তব্য কৰে অতুল লহকৰে । আনহাতে ৰাজ্যৰ এই উদ্যোগটো পুনৰুদ্ধাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰা বুলি কয় লহকৰে।