সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলী অসমৰ পৰ্যটন উদ্যোগৰ এক গুৰুত্বপূৰ্ণ অংগ ৷ কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বক আতংকিত কৰাৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে মাজুলীৰ পৰ্যটন উদ্যোগ ৷ মাজুলীৰ শিল্পীসকলৰ লগতে হোটেল,ৰেষ্টোৰা,পৰ্যটক গাইডৰ পৰা আৰম্ভ কৰি গাড়ীৰ মালিক আৰু গাড়ী চালকলৈকে প্ৰায় দুই হাজাৰৰো অধিক শিক্ষিত যুৱক-যুৱতী আজি কৰ্ম সংস্থাপনহীন হৈ পৰিছে ৷
যাক লৈ এতিয়া চিন্তিত এই ক্ষেত্ৰখনৰ লগত জড়িত পৰিয়াল সমূহ ৷ ইফালে মাজুলীৰ সাংস্কৃতিক ক্ষেত্ৰখন বৰ্তমান স্তব্ধ হৈ পৰাত পেটৰ ভাতমুঠিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে সংগীত, নৃত্য-বাদ্যৰ শিক্ষক সকল । মাজুলীৰ অৰ্ধশতাধিক সংগীত বিদ্যালয়ত শিক্ষকতা কৰা ডেৰশতাধিক শিক্ষকৰ উপৰিও অসমৰ বিভিন্ন সংগীত বিদ্যালয়ত কৰ্মৰত বিভিন্ন বিষয়ৰ শিক্ষক আজি ডেৰমাহে ঘৰতে বহি থাকিব লগীয়া হোৱাত গভীৰ অৰ্থ সংকটত পৰিছে।
চৰকাৰী ভাবে এই সকলৰ বাবে কোনো অনুকম্পা প্ৰদৰ্শন কৰা দেখা নাই । অসম শংকৰী সংগীত সচিব মৃদুল বৰাই জনোৱা মতে বিদ্যাপীঠৰ তৰফৰ পৰা এই সন্দৰ্ভত ব্যবস্থা ল’বলৈ আবেদন জনাইছিল যদিও এতিয়া লৈকে সহাৰি পোৱা নাই। উল্লেখ্য যে জিলাখনৰ পৰ্যটন ক্ষেত্ৰখনৰ লগত সক্ৰিয় ভাৱে জড়িত হৈ আছে সত্ৰীয়া সংস্কৃতিৰ অন্যতম অংগ মুখা শিল্প ৷
মাজুলীলৈ আগমন ঘটা দেশী-বিদেশী পৰ্যটকক আৰ্কষণ কৰা বিশেষ স্থান হ’ল ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীনতুন চামগুৰি সত্ৰ ৷ অসমৰ লগতে পৃথিবীৰ বিভিন্ন স্থানৰ পৰা আহি মুখা নিৰ্মাণৰ শিক্ষা লোৱা চামগুৰি সত্ৰত এতিয়া নিমাওমাও পৰিৱেশ ৷ বিভিন্ন আকৃতিৰ বৰমুখা, মুখমুখা, লুতুকৰি মুখাৰে ভৰি থকা সত্ৰখনত এতিয়া নাই পৰ্যটকৰ ভিৰ ৷
প্ৰতিদিনে পুৱাৰ পৰা নিশা পৰ্যন্ত শতাধিক দেশী, বিদেশী পৰ্যটকে ভিৰ কৰাৰ উপৰিও বিদেশলৈ ৰপ্তানি হোৱা মুখাশিল্পৰ বজাৰ খন এতিয়া ক’ভিদ-১৯ ৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে ৷ গুৰুজনাৰ সৃষ্ট মুখা শিল্পক দেশ, বিদেশত পৰিচয় কৰাই দিয়া সংগীত নাটক অকাডেমী বঁটা প্ৰাপক অসমৰ বিশিষ্ট মুখা শিল্পী ড০ হেমচন্দ্ৰ গোস্বামীয়ে ক’ভিদ-১৯ প্ৰতিহত কৰাৰ স্বাৰ্থত দেশত চলি থকা তলাবন্ধৰ ফলত গুৰুজনাৰ অমৰ সৃষ্টি মুখা শিল্পৰ ক্ষেত্ৰ খনত পৰা প্ৰভাৱ সম্পৰ্কত জনায় যে, তলাবন্ধ হোৱাৰ পূৰ্বেই ইটালি, ফ্ৰাঞ্চ, আমেৰিকাৰ লগতে পুনে, গুৱাহাটী, ডিব্ৰুগড় আদি বিভিন্ন দেশ আৰু ৰাজ্য লৈ পঠাব লগা আছিল বহুটো মুখা কিন্তু এতিয়া আৰু সেয়া সম্ভৱ নহয় ৷
আনহাতেদি শিল্পী জনে অতি দুখেৰে জনাই যে এই মুখা শিল্পক জীৱিকা হিচাপে লৈ সত্ৰ খনত অৰ্দ্ধশতাধিক নিবনুৱা যুৱকে মুখা নিৰ্মাণ কৰি পেটৰ ভাত মোকোলাই আছিল কিন্তু এতিয়া তেওঁলোকৰ ঘৰৰ আৰ্থিক অৱস্থা অতি দুখজনক হৈ পৰিছে ৷
গুৰু জনাৰ এই মুখা শিল্পকেই জীৱিকা হিচাপে লৈ দীৰ্ঘ দিনৰ পৰা পৰিয়াল পোহপাল দিয়া এই যুৱক সকলক চৰকাৰ খনে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰিলে পৰিয়াল কেইটা বহু পৰিমাণে উপকৃত হব বুলি তেওঁ জানিবলৈ দিয়ে ৷ বৰ্তমান তলাবন্ধৰ সময়চোৱাত তেওঁ কৰট, হাটুৰি-বটালিৰে কাঠ কাটি ভাস্কৰ্য নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৷ তেওঁৰ হাতৰ পৰশত সৃষ্টি হৈছে নতুন নতুন ভাস্কৰ্য আৰু বহুতো অৰ্দ্ধনিৰ্মিত অৱস্থাত আছে । শিল্পী জনৰ লগতে পুত্ৰ দিব্যজ্যোতি গোস্বামী, ভতিজাক খগেন গোস্বামী এতিয়া কাঠৰ ভাস্কৰ্য নিৰ্মাণেৰে চমকপ্ৰদ শিল্পৰ সৃষ্টি কৰিছে ৷
একেদৰে সত্ৰখনৰ মূখাশিল্পৰ বাবে সংগীত নাটক অকাডেমিৰ বঁটা লাভ কৰা সত্ৰখনৰ সত্ৰাধিকাৰ প্ৰয়াত কুশকান্ত গোস্বামী পৰিয়ালৰ পৰিয়ালৰ প্ৰদীপ গোস্বামী, প্ৰসন্ন গোস্বামী আৰু ধীৰেন গোস্বামীও তলাবন্ধৰ সময়ছোৱাত নৱতম সৃষ্টিৰ আখৰাত ব্যস্ত হৈ পৰিছে যদিও অভাৱ অনাটনৰ বাবে শিল্পী সকল হতাশ হৈ পৰিছে ।
মুখাশিল্পৰ জড়িত মাজুলীৰ বিভিন্ন সত্ৰৰ লগতে গ্ৰাম্যাঞ্চলতো দুই শতাধিক মুখাশিল্পী, কুটীৰ শিল্পৰ লগত জড়িত শিল্পী, স্থাপত্য, ভাস্কৰ্য আদিৰ অবস্থাও তথৈবচ। উজনি মাজুলীৰ বলোৰাম শইকীয়া, গড়মুৰৰ গোলাপবৰা, মৃদুল বৰুৱা, ওপৰকাটনিৰ কৃষ্ণ বৰুৱা, মদন বৰা, বৰ্ষীয়ান মুখা শিল্পী বংশী দত্ত, শ্ৰীমন্ত পায়েং, ত্ৰিনয়ন নেওগ, শৰ্মাৰেগন আদি শিল্পীয়ে গভীৰ অৰ্থ সংকটৰ মাজতো ন ন সৃষ্টিৰ বাবে সাধনা অব্যাহত ৰখাৰ বিষয়ত চৰকাৰে গুৰুত্ব দিয়াটো উচিত বুলি সচেতন লোকে মন্তব্য কৰে ।
আগন্তুক প্ৰায় দুই-তিনি বছৰৰ বাবে স্তব্ধ হোৱাৰ সম্ভাৱনা থকা পৰ্যটন ক্ষেত্ৰ খনৰ লগত জড়িত মাজুলীৰ এই শিল্পী সকলক কেনেদৰে সহায় কৰিব সেয়া অসমৰ সাংস্কৃতিক জগতৰ বাবে এতিয়া এটা ডাঙৰ প্ৰশ্নবোধক !