কৰ’না-যুদ্ধত বিশেষভাৱে অংশ ল’লে ন বছৰীয়া ছাত্ৰীয়ে

image 3

সমগ্ৰ বিশ্বত অধিকাংশ লোকেই সাধ্য অনুসাৰে কৰ’না ভাইৰাছৰ বিৰূদ্ধে হোৱা সংগ্রামত লিপ্ত হৈছে । সেই সময়তে আনৰ বাবে অনুপ্ৰেৰণামূলক কৰ্মৰে মাত্ৰ ন বছৰ বয়সতে এই যুদ্ধৰ অংশীদাৰ হৈ পৰিছে এগৰাকী শিশু ছাত্ৰী । চিকিৎসা কৰ্মীসকলৰ বাবে ব্যক্তিগত সুৰক্ষা সামগ্ৰী(পিপিই) কৰ’না-যুদ্ধৰ ‘বর্ম’ৰ দৰে । সেই বর্ম স্বৰূপ পিপিই তৈয়াৰত ব্যস্ত হৈ পৰিছে মালয়েছিয়াৰ এই শিশু ছাত্ৰী গৰাকী । কেৱল সিমানেই নহয়, দৈনিক চাৰিটাকৈ পিপিই চিলাই কৰি উলিয়াইছে ন বছৰীয়া ছাত্ৰী গৰাকীয়ে ।

এক সংবাদ সংস্থাই জনোৱা মতে, মালয়েছিয়াৰ নুৰ আফিয়া কিষ্টিনা জামজুৰি নামৰ ছাত্ৰীগৰাকীয়ে এই পিপিই তৈয়াৰ কৰিছে স্থানীয় হাস্পতালৰ স্বাস্থ্যকৰ্মীসকলৰ বাবে । সেই ফটো সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে । নুৰ হৈছে দক্ষিণ মালয়েছিয়াৰ নেগেৰি ছেমবিলানৰ কুৱালা পিলা চহৰৰ বাসিন্দা । উল্লেখ্য যে নুৰে মাত্ৰ পাঁচ বছৰ বয়সতে মাতৃৰ পৰা চিলাই কৰিবলৈ শিকিছিল। এতিয়া তলাবন্ধৰ বাবে স্কুল বন্ধ আৰু অনলাইনত পাঠদান চলিছে। সেই পাঠদান আৰু খেলাৰ সময়ৰ বাহিৰেওসমগ্র দিনটোত নুৰে চাৰিটাকৈ পিপিই তৈয়াৰ কৰিবলৈ সক্ষম হৈছে ।

সেই পিপিই সমূহ তুলি দিয়া হৈছে স্থানীয় হাস্পতালৰ কৰ্তৃপক্ষৰ হাতত । ইতিমধ্যেই শিশু ছাত্ৰগৰাকীয়ে ১৩০টা পিপিই তৈয়াৰ কৰি দুখন স্থানীয় হাস্পতালক অৰ্পণ কৰিছে । সম্প্ৰতি আন ৬০ টা পিপিই তৈয়াৰৰ কাম চলি আছে । ছাত্ৰীগৰাকীৰ এই কামে কেৱল মালয়েছিয়াই নহয়, সামাজিক মাধ্যমৰ যোগেদি অন্যান্য দেশৰ অসংখ্য লোকৰ পৰা প্ৰশংসা লাভ কৰিছে ।

Exit mobile version