কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ বিষয়ে ইতিমধ্যে গম পাইছে বিশ্ব মানৱে। ইয়াৰ বাবে সকলোৱে সাৱধান হোৱা উচিত । কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত চৰকাৰেও বান্ধি দিছে কিছু নীতি-নিয়ম । এই ধৰক, সঘনাই চাবোনেৰে হাত ধোৱা, মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা আদি । ব্যক্তিগত জীৱনত এই নীতি-নিৰ্দেশনাবোৰ মই আখৰে আখৰে পালন কৰিছো । প্ৰতি মুহূৰ্ততে এই নীতি-নিৰ্দেশনা বোৰ পালন কৰিবলৈ যাওঁতে সাধাৰণতে আমনি লাগে । কিন্তু নিজৰ লগতে সকলোৰে ভালৰ বাবে এই নীতি-নিৰ্দেশনাসমূহ পালন কৰা উচিত। কৰ’না ভাইৰাছক লৈ সমগ্র বিশ্বতে সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ ।
এই আতংকৰ মাজতো সকলোৱে নিজৰ সুৰক্ষাৰ বাবে নিজে সতৰ্ক হ’ব লাগিব । অৱশ্যে স্বীকাৰ কৰিবই লাগিব যে এই সময়খিনিত সকলোৰে ভাবিব নোৱাৰা ধৰণে কামৰ ক্ষতি হৈছে । ব্যক্তিগতভাৱে তলাবন্ধত মোৰো যথেষ্ট কামৰ ক্ষতি হৈছে, কিন্তু দৈনিক উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া লোকসকলৰ অৱস্থা দেখি মই বেছি মৰ্মাহত হৈছো । এই মুহূৰ্তত আশা ৰাখিছো যে ডেৰ-দুমাহৰ ভিতৰত দেশৰ পৰিস্থিতি স্বাভাৱিক হ’ব । তলাবন্ধৰ বাবে মকি ঘৰতে আবদ্ধ হৈ আছো । প্ৰায় দুমাহেই হ’ব । মুম্বাইৰ ঘৰত মোৰ লগতে পৰিবাৰ আৰু কানাডা নিবাসী মোৰ খুলশালীও আছে । ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত এখন বিয়াত অংশগ্ৰহণৰ বাবে মোৰ খুলশালী কানাডাৰ পৰা মুম্বাইলৈ আহিছিল আৰু তেতিয়াৰ পৰাই তেওঁ ইয়াতে আবদ্ধ হৈ থাকিবলগীয়া হোৱা বাবে মোৰ ভাল লগা নাই। উপায়ো নাই ।
মহাৰাষ্ট্ৰত পৰিৱেশ আৰু বেয়া। গতিকে ঘৰৰ পৰা ওলোৱাই নাই । এই সময়ছোৱাত ঘৰতো কাম বাঢ়িছে । ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি ঘৰৰ আচবাব চাফ-চিকুণ কৰালৈকে সকলোতে পাৰিবাৰক সহায় কৰি দিছো । তলাবন্ধৰ মাজতে কিছু লেখা-মেলাও কৰিছো । ইয়াৰ বেছিভাগেই চিত্ৰনাট্য। কিন্তু এই মুহূৰ্তত ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে বহলাই ক’ব বিচৰা নাই । অৱশ্যে কামখিনি এই সময়ছোৱাতে শেষ কৰিব বিচাৰিছো । কৰ’না ভাইৰাছক সংক্ৰমণক লৈ সৃষ্টি হোৱা আতংকময় পৰিস্থিতি মানৱ জাতিৰ বাবে এক ডাঙৰ শিক্ষা । ইয়াৰ পৰা সকলোৱে শিক্ষা গ্ৰহণ কৰা উচিত । কিয়নো সৰ্বশ্ৰেষ্ঠ হৈয়ো আমি মানৱ জাতিয়ে প্ৰকৃতিৰ ওপৰত অহৰহ অত্যাচাৰ চলাই আহিছো । বহু সময়ত জানি আৰু বহু সময়ত নাজানিও প্ৰকৃতি ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে মানৱ জাতিয়ে ।
কৰ’না ভাইৰাছো ইয়াৰে এটা অংশ বুলিয়ে ক’ব লাগিব । আমাৰ অসচেতনতাৰ বাবে দিনকদিনে প্ৰকৃতি ধ্বংস হোৱাৰ পাছতো আমি উপলব্ধি নকৰো ভয়াবহতাৰ কথা। প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত যদি সজাগ হোৱা নাযায়, তেন্তে ভয়াবহ বিপদৰ বিষয়েও আগতীয়াকৈ কোনো তথ্য নাথাকিব মানৱ জাতিৰ হাতত । তাৰ বাবে সকলোৱে সজাগ হোৱা উচিত । এই মুহূৰ্তত আতংকৰ আন এটা নাম হৈছে কৰ’না ভাইৰাছ। কোনোবাই যদি চক্ৰান্তমূলকভাৱে এই ভাইৰাছবিধ গৱেষণাগাৰত প্ৰস্তুত কৰি মানুহৰ মাজত এৰি দিছে, তেন্তে ইয়াতকৈ আৰু দুখৰ কথা একো হ’ব নোৱাৰে । উন্নয়নৰ নামত মানৱ জাতিৰ ধ্বংস হ’ব পৰা কোনো কামেই সমৰ্থনযোগ্য হ’ব নোৱাৰে ।
কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত ঘোষণা কৰা তলাবন্ধত সৰ্বাধিক হাৰত ক্ষতিগ্ৰস্ত হৈছে নিৰীহ লোক । সহজ সৰল এই নিৰীহ লোকসকল জীয়াই থকাৰ তাড়নাতে শ শ মাইল খোজকাঢ়ি গৃহাভিমুখী হৈছে । এয়া এক ভাবিব নোৱাৰা কথা । অথচ এই ঘটনা আমাৰ দেশতে সংঘটিত হৈছে । এনেবোৰ হৃদয় জোকাৰি যোৱা ঘটনাই বহুত মনোকষ্ট দিয়ে । এনে পৰিস্থিতি সঁচাকৈয়ে অসহনীয় । ডেৰ-দুমাহৰ ভিতৰত সকলো স্বাভাৱিক হ’ব বুলিয়ে মই আশা ৰাখিছো । অৱশ্যে এই ক্ষেত্ৰত সকলোৱে সজাগ-সচেতন হোৱাৰ বাহিৰে আমাৰ হাতত অন্য কোনো বিকল্প নাই । সকলোৱে সজাগ হওক, সুৰক্ষিত থাকক।