অচিনাক্ত যুৱতীক লৈ অভয়াপুৰীত আতংক

left hand stamp 1200

বিশ্বব্যাপী কৰ’নাই জনসাধাৰণক আতংকিত কৰি ৰখাৰ সময়তে এগৰাকী অচিনাক্ত যুৱতীক লৈ অভয়াপুৰীত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি হয় । মাৰাত্মক কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে তলাবন্ধ, সান্ধ্যআইন দিয়াৰ সময়তে কালি অভয়াপুৰীৰ নিকটৱৰ্তী চৌটাকী গাঁৱত উপস্থিত হয় এগৰাকী যুৱতী । হাতত কোৱাৰেন্টাইন ষ্টাম্প লগোৱা অৱস্থাত থকা যুৱতীগৰাকী হঠাৎ গাঁওখনত উপস্থিত হোৱাক লৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিৱেশৰ । স্থানীয় কোনো ভাষা বুজি নোপোৱা যুৱতীগৰাকীক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায় । স্থানীয় ৰাইজে বহিঃ ৰাজ্যৰ কোনো কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা যুৱতীগৰাকী পলাই অহা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Exit mobile version