পলায়ন কৰা তিনি ক’ভিড ১৯ আক্ৰান্তক লৈ গভীৰ শংকা ৰাজ্যত

Mar1

1203771991

মহানগৰীৰ সৰুসজাইস্থিত কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা কৰ’নাত আক্ৰান্ত তিনি যুৱকৰ পলায়নৰ কেন্দ্ৰ কৰি শংকাৰ সৃষ্টি হৈছে ৰাজ্যত ৷নিজ নিজ গৃহাভিমুখী পলায়নৰ সময়ত যাত্ৰাপথত কৰ’নাত আক্ৰান্ত যুৱকত্ৰয়ৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্তকৰণ কৰিব নোৱাৰাৰ বাবেই এই আশংকা ঘনীভূত হৈছে ।

অৱশ্যে যুৱকত্ৰয়ৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্তকৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগে ৷স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি কলকাতাত কৰ্মৰত হোজাইৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰী নিবাসী ছাইদুল আলম আৰু নলবাৰীৰ ভাংনামাৰী চৰৰ হামিদুল আহমেদ তথা ছাহজাহান আলী ১৬ মে’ত পৃথকে পৃথকে আহি সৰুসজাইত আহি উপস্থিত হয়।

ইয়াৰ পাছত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে নাম পঞ্জীয়নৰ পাছত পৰ্যায়ক্ৰমে কৰ্তব্যৰত স্বাস্থ্যকৰ্মীয়ে সিদিনাই তেওঁলোকৰ লেলাউটিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে জি এম চি হাস্পতাললৈ প্ৰেৰণ কৰে ।সংশ্লিষ্ট নমুনাৰ পৰীক্ষাৰ ফলাফল ওলোৱাৰ পূৰ্বে যোৱা ১৬ মে’ত সৰুসজাইস্থিত কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰে হোজাই মোৰাঝাৰ আমবাৰীৰ ছাহদূল আলমে।

গাঁওৰক্ষী বাহিনীৰ সহযোগত মোৰাঝাৰ আৰক্ষীয়ে আটক কৰি ছাইদূলক সিদিনা নিশাই সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।নিশাটো থকাৰ পাছত ছাইদূলে পুনৰ যোৱা১৭ মে’ত কোৱাৰেন্টাইন কেন্দ্ৰৰ নিৰাপত্তা বেহু ফালি পলায়ন কৰে ।অনুৰূপ ধৰণে সিদিনাই নলবাৰী ভাংনামাৰী চৰৰ হামিদুল আহমেদ আৰু ছাহজাহান আলীয়েও পলায়ন কৰে ৷ইয়াৰ মাজত মংগলবাৰে তিনিওৰে শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰে ৷

সেইমৰ্মে নিশাৰ ভাগত মোৰাঝাৰ আৰক্ষীয়ে স্বাস্থ্য বিভাগৰ সহযোগত হোজাই আমবাৰীৰ ছাহদূল আলমক আটক কৰি মহানগৰীৰ পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰে ।লগতে ভাংনামাৰী আৰক্ষীয়ে অনুৰূপ ধৰণে স্বাস্থ্য বিভাগৰ সহযোগত ভাংনামাৰীৰ হামিদুল আহমেদ আৰু ছাহজাহান আলীক নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷কৰ’নাত আক্ৰান্ত তিনিওজন যুৱক বৰ্তমানে চিকিৎসাধীন,কিন্তু যাত্ৰাপথত এই যুৱকত্ৰয়ৰ সংস্পৰ্শলৈ অহা লোকসকলক বৰ্তমানো চিনাক্ত কৰিব পৰা নাই। ইয়াক লৈ শংকাৰ সৃষ্টি হোৱা বুলি সূত্ৰটোৱে জনায় ।

Exit mobile version