কেৱল লিডুতে প্ৰতিমাহে পাঁচ কোটি আদায় কয়লা ছিণ্ডিকেটৰ

IndiaTv03374c Truckdrivers

কৰ’না পৰিপ্ৰেক্ষিতত দেশত বলবৎ হৈ থকা তলাবন্ধ আৰু নৈশ সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি মাৰ্ঘেৰিটাত ৰমৰমীয়াকৈ চলিছে কয়লাৰ অবৈধ সৰবৰাহ ৷ সুদীৰ্ঘ কাল ধৰি মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পাটকাই পাহাৰত পাহাৰত “ৰেট হ’ল মাইনিঙ”ৰ জৰিয়তে দুষ্টচক্ৰই কয়লা খনন কৰি মাৰ্ঘেৰিটা হৈ তিনিচুকীয়াৰ মাজেৰে বহিঃৰাজ্যৰ লগতে বিদেশলৈ সৰবৰাহ অব্যাহত ৰাখিছে ৷ স্বয়ং মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সেউজ সংকেতত সংশ্লিষ্ট জিলা প্ৰশাসনৰ আৰু আৰক্ষীক মেনেজ কৰি সান্ধ্য আইনৰ মাজতে হেলাৰঙে মাৰ্ঘেৰিটা, তিনিচুকীয়া, তেজপুৰ, বিশ্বনাথ, গোসাঁইগাঁও হৈ শ্ৰীৰামপুৰ নাইবা ছাগলীয়া সীমান্তৰে বহিঃৰাজ্যলৈ সৰবাৰহ অব্যাহত ৰাখিছে ছিণ্ডিকেট চক্ৰই ।

উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দিহিং পাটকাইৰ বুকুত কয়লা খননৰ অনুমতি প্ৰদানক কেন্দ্ৰ কৰি প্ৰতিবাদৰ ঢৌ উঠিছে যদিও দীৰ্ঘদিন ধৰি অসাধু চক্ৰই এই অঞ্চলসমূহত অবৈধভাৱে কয়লা খনন আৰু মজুত কৰি ইয়াৰ সৰবৰাহ অব্যাহত ৰাখিছে ৷ নামটক, নামদাং, বোমাগৰা, আৰাধৰা, টিপং, লালপাহাৰ আদি অঞ্চলত বৰ্তমানেও অব্যাহত আছে ব্যাপক খনন কাৰ্য ৷  এই অবৈধ কাৰ্য মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতাত চলি অহাৰ কথা সৰ্বজনবিদিত ৷ চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সমান্তৰালভাৱে নৈশ সান্ধ্য আইনৰ সুযোগ গ্ৰহণ যোৱা দিনকেইটাত মাৰ্ঘেৰিটাৰ লেখাপানী, টিপং, নামদাং, লিডু, বৰগোলা অঞ্চলসমূহৰ পৰা প্ৰায় এহেজাৰ অবৈধ কয়লাভৰ্তি ট্ৰাক সৰবৰাহ কৰিবলৈ সক্ষম হয় মাফিয়া চক্ৰই ।

উল্লেখযোগ্য যে বিধায়ক ভাস্কৰ শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ ঘনিষ্ঠ গোবিন্দ ছেত্ৰীৰ নেতৃত্বত লিডু, বোমাগৰা, আৰাধৰা আদি ঠাইত কয়লাৰ চোৰাং বেহা অব্যাহত ৰাখিছে ছিণ্ডিকেট চক্ৰই । ইফালে প্ৰতিখন ট্ৰাকৰ পৰা ছেত্ৰী বাহিনীয়ে সংগ্ৰহ কৰে ৪০-৪৫ হেজাৰ টকা । মাহত কেৱল এই লিডু অঞ্চলৰ পৰাই ট্ৰাকৰ প্ৰবেশৰ নামত আদায় কৰা হয় পাঁচ কোটিৰ অধিক টকা আৰু দৈনিক শশ ট্ৰাকে কয়লা বোজাই কৰি বিনা বাধাই বহিঃৰাজ্যলৈ যাত্ৰা কৰে । কেৱল লিডু অঞ্চলতেই ১৫০ ৰো অধিক এনেকুৱা স্থান আছে য’ত কয়লা সংগ্ৰহ কৰা হয় । এই সমগ্ৰ প্ৰক্ৰিয়াত বিশেষকৈ মাৰ্ঘেৰিটা লিডু লেখাপানীৰ আৰক্ষী থানাৰ শীৰ্ষ বিষয়াৰ লগতে বিধায়কৰ ঘনিষ্ঠ সুনীল গুৰুং জড়িত ৷ তলাবন্ধৰ দিনকেইটাত নিশা প্ৰায় ১১ বজাৰ পাছত শাৰী শাৰী কয়লাভৰ্তি ট্ৰাকৰ মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়াত প্ৰৱেশ কৰি নিৰ্দিষ্ট গন্তব্যস্থানলৈ যাত্ৰা অব্যাহত আছে ।

দৈনিক শতাধিক কয়লাভৰ্তি ট্ৰাকে সৰবৰাহ কৰি আছে ৷ মাজে মাজে বহু কয়লা ট্ৰাকে নিদিৰ্ষ্ট সময়ত তিনিচুকীয়া পাৰ হ’ব নোৱাৰাত মাকুম পানীতোলা সংযোগী বাইপাছতে আৱদ্ধ হৈ পৰে যদিও এই ক্ষেত্ৰত তিনিচুকীয়া আৰক্ষী প্ৰশাসনে প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰিছে ৷ ইফালে মাৰ্ঘেৰিটা, তিনিচুকীয়া হৈ দৈনিক অব্যাহত থকা শ শ অবৈধ কয়লা ট্ৰাক অসম আৰু পশ্চিমবংগৰ সীমান্ত শ্ৰীৰামপুৰ ছাগলীয়া গেটেৰে ৰপ্তানি হয় বহিঃৰাজ্যলৈ ৷ মাৰ্ঘেৰিটাৰ পৰা শ্ৰীৰামপুৰ গেট পৰ্যন্ত কোনো ধৰণৰ বৈধ নথি পত্ৰ অবিহনেই বিনাবাধাই অহা এই ট্ৰাকসমূহ মেনেজ কৰিবলৈ যাত্ৰা পথৰ সকলো ঠাইতে ছিণ্ডিকেট চক্ৰৰ লোক নিয়োজিত হৈ থাকে ৷

Exit mobile version