কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য দেশব্যাপী অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ ৷ অৱশ্যে আন্তঃৰাজ্যিক যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা কিছু পৰিমাণে শিথিল হোৱাৰ পাছৰে পৰা বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলে অসম অভিমুখে ৰাওনা হ’বলৈ আৰম্ভ কৰে ৷ ইয়াৰ লগে লগে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ লগতে সংশ্লিষ্টসকলৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা লোকসকলৰ লেলাউটিৰ নমুনা সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ কৰে স্বাস্থ্য বিভাগে । প্ৰথম পৰ্যায়ত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অনুমোদন নথকা বাবে এই সম্পৰ্কীয় পৰীক্ষাৰ নমুনা পুনেস্থিত এন আই ভিলৈ প্ৰেৰণ কৰিবলগীয়া হৈছিল ৷ পৰৱৰ্তী সময়ত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ৰাজ্যৰ সাতটা পৰীক্ষাগাৰত ক’ভিড-১৯ ৰ পৰীক্ষাৰ কৰাৰ বাবে প্ৰয়োজনীয় অনুমোদন জনায় ৷ ইয়াৰ ভিত্তিতে ৰাজ্যৰ সাতটা পৰীক্ষাগাৰত এই পৰ্যন্ত মুঠ ৬০,৪০৮ জন লোকৰ লেলাউটিৰ নমুনা পৰীক্ষা কৰা হৈছে । বহিঃৰাষ্ট্ৰ আৰু বহিঃৰাজ্যৰ পৰা অসমত আজি পৰ্যন্ত উপস্থিত হোৱা ১,৮০,১৪৪ জনৰ ভিতৰত ইতিমধ্যে ৯৩,২৫৩ জন লোকে ২৮ দিনীয়া পৰ্যবেক্ষণৰ সময় পাৰ কৰাৰ বিপৰীতে ১৪ দিনীয়া পৰ্যবেক্ষণৰ সময় পাৰ কৰিছে আন ১,১০,৬১৭ জন লোকে । এই পৰ্যন্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পতালৰ পৰীক্ষাগাৰত মুঠ ১৭,১৩৩ জন লোকৰ লেলাউটিৰ নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে ।
ইয়াৰে ১১৭ জনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ বিপৰীতে ১৫,৫৩৪ জনৰ নমুনাত নিগেটিভ পোৱা গৈছে। বাকীসমূহ নমুনাৰ ফলাফল অপেক্ষাৰত বুলি এক সূত্ৰই জনাই ৷একেদৰে লাহোৱালস্থিত আৰ এম আৰ চিৰ পৰীক্ষাগাৰত এই পৰ্যন্ত ৭,২৬৭ জন লোকৰ লেলাউটিৰ নমুনা প্ৰেৰণা কৰা হৈছে ৷ইয়াৰে ৭১ জনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ বিপৰীতে ৭১৯১ জনৰ ফলাফল নিগেটিভ ৷ সেইদৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰীক্ষাগাৰত এই পৰ্যন্ত ৫৯৮১ জন লোকৰ লেলাউটিৰ নমুনা প্ৰেৰণ কৰা হয় ।ইয়াৰে ৬০ জনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে আৰু ৫৯২১ জনৰ পৰীক্ষাৰ ফলাফল নিগেটিভ ৷ অনুৰূপ ধৰণে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰীক্ষাগাৰত এই পৰ্যন্ত ৫৭৭২ জন লোকৰ লেলাউটিৰ নমুনা প্ৰেৰণ কৰা হৈছে ৷ইয়াৰে ৪৬ জনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰে । একেদৰে ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰীক্ষাগাৰলৈ ১৪,৯২৮ জনৰ লেলাউটি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । একেদৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰীক্ষাগাৰলৈ ৬৪৩২ টা নমুনা প্ৰেৰণ কৰা হৈছে