অপ্ৰতিৰোধ্য ক’ভিড-১৯ জীৱাণুৰ সংক্ৰমণ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাই ৪৬৬ জনলৈ লোক সোমাবাৰ দুপৰীয়া পৰ্যন্ত আক্ৰান্ত হৈছে ৷ কিন্তু কৰ’না চিনাক্ত হোৱা অধিকাংশৰ সংক্ৰমণ ৰাজ্যৰ বাহিৰত হোৱা কথা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে | তেওঁ কয়, “সকলোৰে জ্ঞাতাৰ্থে এটা কথা স্পষ্ট কৰিব খুজিছো যে বাহিৰৰ পৰা কোনো লোক অসমত উপস্থিত হোৱাৰ পিছতেই ক’ভিড-১৯ সম্বন্ধীয় পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হয় ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক পৃথকীকৰণ কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ সেয়ে ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱা অসমৰ বেছিভাগ লোকেই বাহিৰত সংক্ৰমিত ; ৰাজ্যখনৰ ভিতৰত সংক্ৰমিত হোৱা নহয় ৷”
উল্লেখ্য সোমবাৰে দুপৰীয়া পুনৰ ৩৯ জনৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত মুঠ আক্ৰান্তৰ সংখ্যা ৪৬৬ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে সুস্থ হৈ ঘৰলৈ উভতিলে ৫৭ জনে আৰু চিকিৎসাধীন অৱস্থাত আছে ৪০২ জন | ইফালে, ৰাজ্যখনত বৰ্তমানলৈ চাৰিজন কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷