আশংকাক সঁচা প্ৰমাণিত কৰি সংক্ৰমণৰ নতুন কেন্দ্ৰস্থল আমাজনৰ দেশ ব্ৰাজিল

5eca18a81be69c701e609856 post cover

কৰ’না ভাইৰাছৰ সংক্ৰমণে এইবাৰ ৰাছিয়াক চেৰাই গ’ল ব্ৰাজিলে । লেটিন আমেৰিকাৰ এই দেশখনত আৰম্ভণিৰ সময়ছোৱাত কৰ’না আক্ৰান্তৰ বাতৰি আছিল তেনেই নগণ্য । এতিয়া অসচেতনতাৰ ফলত অচিৰে ই বৃহৎ ৰূপ ধাৰণ কৰিলে । এইবাৰ কৰ’না মহামাৰীৰ অভিলেখ সৃষ্টি কৰিলে আমাজনৰ দেশ ৰূপে পৰিচিত ব্ৰাজিলে । বিশ্বত সংক্ৰমণৰ নিৰিখত দ্বিতীয় স্থান লাভ কৰা ব্ৰাজিলত এই মুহূৰ্তত আক্ৰান্তৰ সংখ্যা তিনি লাখ স্পৰ্শ কৰিছে আৰু মৃত্যু হৈছে ২৫হেজাৰৰো অধিক । মে’ৰ আৰম্ভনিতে কৰ’না সংক্ৰমণৰ ‘হটস্পট’ ৰূপে ব্ৰাজিলে স্বীকৃতি পাবলৈ ধৰিছিল । তেতিয়াই অনুমান কৰা হৈছিল যে বিপদ সমাগত ।

বিগত ২৪ঘণ্টাত সহস্ৰাধিকৰ প্ৰাণহানি হৈছে ব্ৰাজিলত । বিগত দিনকেইটাত সংক্ৰমণ ১৫গুণে বৃদ্ধি পাইছে । জুনৰ ভিতৰত এই সংক্ৰমণ আৰু বেছি বৃদ্ধি পাব বুলিও বিশেষজ্ঞই আশংকা কৰিছে । ব্ৰাজিলৰ সোঁপন্থী ৰাষ্ট্ৰপতি জাইৰ বলছোনাৰ’ৱে কৰ’না ভাইৰাছক সামান্য ফ্লু বুলি অৱজ্ঞা কৰিছিল। আনকি তেওঁৰ নিজৰে কমেও চাৰিবাৰ কৰ’না সন্দেহত স্বাস্থ্য পৰীক্ষা কৰা হৈছে কেতিয়াবা তেওঁৰ পজিটিভ আৰু কেতিয়াবা তেওঁৰ নিগেটিভ ৰিপ’ৰ্ট আহিছে।বিষয়টোক বিশেষ গুৰুত্ব নিদি তেওঁ দেশত কেৱল দেখুৱাবলৈহে ‘ষ্টে এট হোম ‘ ঘোষণা কৰিছে । অৱশ্যে বিশেষ ফলাফল লাভ কৰা নাই ।নিয়ম পালন নকৰাত সংক্ৰমণ হোৰাহোৰে বাঢ়িবলৈ ধৰিছে । এই মুহূৰ্তত ব্ৰাজিলৰ চিকিৎসা ব্যৱস্থাও বিশেষ উন্নত নহয় ।

Exit mobile version