এইবাৰ গোলাঘাটত মানসিক ৰোগীৰ শৰীৰত ওলাল কৰ’না ভাইৰাছ

coronavirus phishing featured

শেহতীয়াকৈ বহিঃৰাজ্যৰ পৰা লোকসকল অহাৰ পিছতেই অতি ক্ষিপ্ৰতাৰে গোলাঘাট জিলাত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৷ ঠিক তেনে সময়তে আজি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মেডিচিন ৱাৰ্ডত চিকিৎসাধীন হৈ থকা এজন মানসিক ৰোগীৰ দেহত ক’ভিড ১৯ ধৰা পৰাত চিকিৎসালয়খনত চিকিৎসক,স্বাস্থ্য কৰ্মীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

উল্লেখযোগ্য যে জিলাখনৰ কাছমাৰী অঞ্চলত ৰাইজে উদ্ধাৰ কৰা নাজিম নামৰ ৫৭ বছৰীয়া ৰোগীক যোৱা ২২ জুনত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। ইয়াৰ পিছতেই চিকিৎসকসকলে তেওঁৰ চিকিৎসা কৰি লক্ষণৰ পৰা সন্দেহ হোৱাত কৰ’না ভাইৰাছ পৰীক্ষা কৰাত আজি তেওঁৰ শৰীৰত কৰ’নাৰ লক্ষণ ধৰা পৰে। ইফালে মানসিক ৰোগী জনৰ সংস্পৰ্শলৈ কেইবাজনো চিকিৎসক,নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ লগতে মেডিচিন ৱাৰ্ডটোত থকা আন ৰোগী আৰু ৰোগীৰ আত্মীয়ও আহিছিল।

চিকিৎসালয় কৰ্তৃপক্ষই লগে লগে মেডিচিন ৱাৰ্ডটো কনটেইনমেন্ট জ’ন ঘোষণা কৰি ৱাৰ্ডটোৰ ২৩ জন ৰোগী আৰু আত্মীয়ক কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰে ।আনহাতে মানসিক ৰোগীজনৰ চিকিৎসা সেৱা আগবাঢ়োৱা চিকিৎসক ক্ৰমে ডা° ৰবিন তামুলী,ডা° সূনিতা এক্কা,ডা° দীপক দত্ত,ডা° দিগন্ত দাস৷ডা° বিপুল দাস,ডা°বিকাশ শৰ্মা,নাৰ্ছ,চতুৰ্থ শ্ৰেণীৰ স্বাস্থ্য কৰ্মীসহ মুঠ ২০ জনক হোম কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ দিয়ে অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই ৷

বৰ্তমান গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীনস্থ ক’ভিড চিকিৎসালয়ত ৮৪ জন কৰ’নাত আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে ।কিন্তু চিকিৎসালয়খনত ৰোগী ৰাখিবৰ বাবে বিচনাৰ সংখ্যা ১২০ খন। বৰ্তমান গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ শিক্ষা প্ৰতিষ্ঠান,বিবাহ ভৱন আদিত ৫৯১ জন,৫৩৯ জন লোক হোম কোৱাৰেন্টাইনত আছে। কৰ’নাক লৈ শেহতীয়াভাৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে গোলাঘাটত ৷

Exit mobile version