ক’ভিড-১৯ ৰ সন্দৰ্ভত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ নতুন নিৰ্দেশনা

34

দেশত কৰ’না সংক্ৰমণলৈ লক্ষ্য কৰি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)নতুনকৈ এক নিৰ্দেশনা জাৰি কৰিছে-

১. দেশৰ অন্যান্য লোকসকলৰ দৰে আৰক্ষী,নিৰাপত্তাৰক্ষী,বিমানবন্দৰত কৰ্মৰত লোকসকল, বাছ চালক, কণ্ডাক্টৰ, ফাৰ্মাচীষ্ট, শাক- পাচলিৰ ব্যৱসায়ীসকলৰো ক’ভিড ১৯ পৰীক্ষা কৰাটো প্ৰয়োজনীয় ৷

২. কৰ’না ভাইৰাছক নিয়ন্ত্ৰণ কৰাৰ কাৰণে দিনে নিশাই কাম কৰা স্বাস্থ্য কৰ্মীসকলৰ ফ্লু”ৰ দৰে জ্বৰ, ডিঙিৰ বিষ, শৰীৰত বিষৰ দৰে লক্ষণ দেখিলেই পৰীক্ষা কৰাতো প্ৰয়োজন ৷ অৱশ্যে স্বাস্থ্য কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাতো প্ৰথমৰ পৰাই আছিল যদিও এতিয়া বাকী জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলকো ইয়াৰ লগতে সামৰি লোৱা হ’ল ৷

৩. সম্প্ৰতি নতুনকৈ কৰ’’না ভাইৰাছৰ হটস্পটসমূহ চিনাক্ত কৰা হৈছে ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি লাহে লাহে হটস্পট হিচাপে চিনাক্ত কৰা অঞ্চলৰ জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মচাৰীসকলৰ কৰ’না পৰীক্ষা কৰা হ’ব ৷

৪. আইচিএমআৰে শেহতীয়াকৈ প্ৰতিদিনে প্ৰায় ২লাখ কৰ’না পৰীক্ষা চলোৱাৰ প্ৰস্তুতি কৰিছে ৷ বিহাৰ আৰু উৰিষ্যাত ১৭ টাকৈ কৰ’না পৰীক্ষাৰ লেব’টৰী স্থাপন কৰা হৈছে ৷ উত্তৰ প্ৰদেশত ২৭ টা আৰু পশ্চিম বংগত ৩৬ টা কৰ’না ভাইৰাছৰ পৰীক্ষাৰ লেব’ৰটৰী স্থাপন কৰা হৈছে।

৫. এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰ্যালয়ে চত্তিশগড়, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ লগত বৈঠক অনুষ্ঠিত কৰি ৰাজ্যকেইখনৰ শেহতীয়া পৰিস্থিতি উন্নত কৰাৰ প্ৰসংগত মতবিনিময় কৰে ৷

Exit mobile version