সমগ্ৰ বিশ্বতে অসংখ্যজনে বিৰহৰ বেদনা সহ্য কৰিবলগীয়া হৈছে কৰ’না ভাইৰাছৰ আক্ৰমণৰ বাবে অথচ সেই কৰ’না ভাইৰাছে মিলন ঘটোৱা এক ঘটনাও সম্প্ৰতি পোহৰলৈ আহিছে । কৰ’না প্ৰতিৰোধৰ বাবে তলাবন্ধৰ ফলত বহুলোকেই খাবলৈ নোপোৱাৰ অৱস্থা সৃষ্টি হৈছে । সেয়ে প্ৰায়েই ৰাস্তাৰ দাঁতিত আৰ্তজনৰ শাৰী দেখা যায় । তেনে এক শাৰীতে নিয়মিত ৰূপে খাদ্য দিবলৈ আহিছিল এজন যুৱক । কিন্তু সেই অসহায় মুখসমূহৰ ভিতৰতে এখন মুখ দেখি যুৱক জন থৰ লাগিছিল।যুৱকজনৰ অনুভৱ হৈছিল, এই মুখখন যেন তেওঁৰ অতি চিনাকি।সেইখন মুখেও আনসকলৰ লগতে শাৰী পাতি সাহায্যৰ আশাত বহি ৰৈছিল ।আৰ্তজনক সাহায্যৰ আগবঢ়াবলৈ যোৱা অৱস্থাতে যুৱকজনৰ স’তে আলাপ হ’ল সেই বিশেষ মুখ বা এগৰাকী যুৱতীৰ।ক্ৰমাৎ দুয়োৰে মাজত গঢ়ি উঠিল বন্ধুত্ব আৰু তাৰপাছত প্ৰেম।
ভিক্ষা কৰিবলৈ বহা সেই যুৱতী গৰাকী এতিয়া সাহায্য দিয়া বন্ধুজনৰ পত্নী। কৰ’না ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতি ৰ বাবে মিলন ঘটিল দুয়োৰে । এতিয়া আৰু যুৱতী গৰাকীয়ে ভিক্ষা কৰিব নালাগিব । পেটৰ ক্ষুধা নিবাৰণৰ বাবে বহিব নালাগিব পথৰ দাঁতিত । এতিয়াৰ পৰা তেওঁ প্ৰেমাস্পদৰ হাতত ধৰি উচ্চশিৰে থিয় দিব ।সেইদৰে যুৱতীৰ মাতৃয়েও এতিয়াৰে পৰা ভিক্ষা কৰিবলৈ বহিব নালাগে।কিয়নো তেওঁৰ কন্যা এতিয়া কিছু পৰিমাণে হ’লেও অৱস্থাপন্ন পৰিয়ালৰ বোৱাৰী । এয়া কোনো উপন্যাস বা চিনেমাৰ কাহিনী নহয়।কানপুৰৰ এক সত্য ঘটনা।যুৱকজন হৈছে পেছাত গাড়ীচালক অনিল।আনহাতে, যুৱতী গৰাকীৰ নাম নীলাম ।তলাবন্ধৰ তিক্ততাই দুয়োৰে জীৱনলৈ কঢ়িয়াই আনিলে মাত্ৰাধিক মধুৰতা।
উল্লেখ্য যে প্ৰায় এবছৰৰ পূৰ্বেই নীলমৰ পিতৃৰ মৃত্যু হয় ।তাৰপাছত নীলম আৰু মাতৃয়ে সহিবলগা হয় ভাতৃ আৰু বৌয়েকৰ নানা মানসিক -শাৰীৰিক নিৰ্যাতন।এনিশা নীলমৰ ভ্ৰাতৃয়ে মাৰপিট কৰি দুয়োকে ঘৰৰ পৰা উলিয়াই দিয়ে।ইপিনে, মাতৃ হৈছে পক্ষাঘাত ৰোগী।ৰাস্তাৰ দাঁতিতে মুকলি আকাশৰ তলত নিশা পাৰ কৰিবলৈ দুয়ো বাধ্য হৈছিল।দিনকাল ভাল নহয় ,তাতে পূৰ্ণ যৌৱনা যুৱতী।তথাপি ইখন -সিখন দোকানত কামকৰি নীলমে নিজৰ লগতে মাতৃৰ পেটৰ ভাতমুঠি যোগাৰ কৰিছিল।কিন্তু তলাবন্ধৰ বাবে সেয়াও বন্ধ হোৱাত দুয়ো চৰম বিপদৰ সন্মুখীন হয়।ভিক্ষাৰ বাহিৰে একো বিকল্প নাছিল।সেয়ে অন্যান্য আৰ্তলোকৰ ভিৰত সোমাই অসহায় মাতৃ-কন্যায়ো কাৰোবাৰ সাহায্যৰ আশাত বহি থাকিবলৈ বাধ্য হৈছিল।কিন্ত নীলমে হয়তো জনা নাছিল যে নিয়তিয়ে তেওঁৰ বাবে বেলেগ কথাহে লিখি ৰাখিছে।
কানপুৰৰ এটা ৰেলপথৰ ক্ৰছিঙৰ দাঁতিত বহি থকা একাংশ খাবলৈ নোপোৱা লোকৰ বাবে সদায় আহাৰ আনিছিল অনিলে।এদিন নীলমৰ ওপৰত চকু পৰাত অনিল মুগ্ধ হৈ পৰে ।পাছলৈ যুৱকজনে নিজে ৰান্ধি নীলম আৰু মাতৃলৈ খাদ্য নিবলৈ আৰম্ভ কৰে ।সেইদৰে দুয়োৰে মাজত গঢ়ি উঠে ঘনিষ্ঠতা।সম্প্ৰতি কানপুৰৰ লৰ্ড বৃদ্ধাশ্ৰমত সামাজিক দূৰত বৰ্তাই অনিল আৰু নীলমে যুগ্ম জীৱনৰ পাতনি মেলে ।নীলমৰ ৰুগ্ন মাতৃকো বৃদ্ধাশ্ৰমত ৰখাৰ ব্যৱস্থা কৰা হয় ।অনিলৰ লগতে তেওঁৰ বন্ধু লাল্টা প্ৰসাদেও আৰ্তজনক খাদ্য দিবলৈ গৈছিল।সেই বন্ধুজনেই এই বিয়াত সন্মতি দিয়াৰ বাবে অনিলৰ পিতৃক সৈমান কৰায় ।