দেশত ক’ভিড-১৯ ৰ সংক্ৰমণে দিনে দিনে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও এতিয়াও চূড়ান্ত পৰ্যায় পাবলৈ বহু বাকী আছে ৷ এনে মতামত ব্যক্ত কৰিলে দেশৰ আগশাৰীৰ চিকিৎসকে । বাংগালুৰুস্থিত নেচনেল ইনষ্টিটিউট অৱ মেন্টেল হেলথ এণ্ড নিউৰ’ছায়েন্স নিউৰ’লজি বিভাগৰ মুৰব্বী তথা কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰ টাস্ক ফ’ৰ্চৰ নডেল বিষয়া ডা° ভি ৰবিয়ে কয় যে ভাৰত এতিয়াও ক’ভিড-১৯ সংক্ৰমণৰ শিখৰত উপনীত হোৱা নাই । তলাবন্ধৰ চতুৰ্থ দফাৰ অন্ত পৰিলে জুনৰ আৰম্ভণিৰ পৰা কৰ’নাই পুনৰ ভয়ংকৰ ৰূপ দেখুৱাব ৷ গোষ্ঠী সংক্ৰমণৰো আশংকা আছে বুলি তেওঁ কয় । ৰ’বিৰ মতে”চাওঁতে চাওঁতে অৰ্ধেক ভাৰতক হ্ৰাস কৰিব মাৰাত্মক ভাইৰাছে । সবাতোকৈ উদ্বেগৰ বিষয়টো এয়ে যে ৯০ শতাংশ মানুহে উপলব্ধি নকৰিব যে তেওঁলোক কৰ’নাত আক্ৰান্ত । এনে আশংকাৰ বিষয়ে ব্যক্ত কৰে ৰ’বিয়ে ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰতিদিনে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না সংক্ৰমণৰ দৰে ঘটনা ৷ চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ শিথিল হোৱাৰ পাছত এই গ্ৰাফডাল উৰ্দ্ধগামী হৈছে । এনে পৰিস্থিতিত এক জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰ তলাবন্ধ অধিক শিথিল কৰিবলৈ সাজু হৈছে ।ৰাজ্যসমূহেও অধিক ক্ষেত্ৰত তলাবন্ধ শিথিলতা প্ৰদৰ্শন কৰা দেখা গৈছে ৷ ৰ’বিৰ মতে এই বীজৰ বিস্ফোৰণ হৈ ভয়ংকৰ আকাৰ ধাৰণ কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন হ’ব । এই প্ৰসংগত চিকিৎসজনে কয় যে দেশে এতিয়াও সংক্ৰমণৰ তীব্ৰতা উপলব্ধি কৰিব পৰা নাই ৷ জুনৰ পৰা হোৰাহোৰে বাঢ়িব এই সংখ্যা। গোষ্ঠী সংক্ৰমণ আৰম্ভ হ’ব ৷
তেওঁ দাবী কৰে যে ডিচেম্বৰৰ মাজভাগৰ পৰা দেশৰ ৫০ শতাংশ নাগৰিক কৰ’নাৰ কবলত পৰিব । উপসৰ্গ নথকাৰ কাৰণে মানুহে উপলব্ধি নকৰিব যে তেওঁলোকৰ শৰীৰত মাৰাত্মক কৰ’না ভাইৰাছে খোপনি লৈছে। এই ক্ষেত্ৰত মৃত্যুৰ হাৰ কেনে হ’ব? এই প্ৰশ্নৰ উত্তৰত ৰ’বিয়ে কয় যে তুলনামূলকভাৱে মৃত্যুৰ হাৰ কম হ’ব ৷ তিনিৰ পৰা চাৰি শতাংশ হ’ব মৃত্যুৰ হাৰ । অৱশ্যে গুজৰাটত ছয় শতাংশ হ’ব পাৰে মৃত্যুৰ হাৰ । আগন্তুক এই ভয়াৱহ পৰিস্থিতিৰ লগত মোকাবিলাৰ কাৰণে সকলোকে সাজু থাকিবলৈ ৰাজ্যসমূহক আহ্বান কৰিছে ৰ’বিয়ে ৷ ইফালে ৰ’বিয়ে লগতে কয় “ইবলা বা মাৰ্ছৰ দৰে ইমান ভয়াৱহ নহয় কৰ’না ৷ ইয়াক সংগী কৰিয়েই জীয়াই থাকিব লাগিব । অৱশ্যে সংক্ৰমণ ৰোধ কৰিবলৈ সতৰ্ক হোৱাটো জৰুৰী ৷ সচেতনতাই আমাৰ ৰক্ষা কবচ ৷