হাইলাকান্দিত দুটা ভূমিস্খলনত মৃত্যু ৭ জনৰ, আহত ৫ জন

asam

বৰাক উপত্যকাত মৃত্যুৰ বিভিষিকা। একেদিনতে উপত্যকাৰ তিনি জিলাত ভূমিস্খলনত প্ৰাণ হেৰুৱালে ২০ জনকৈ লোকে। কাছাৰ আৰু হাইলাকান্দিত ৭জনকৈ আৰু কৰিমগঞ্জত প্ৰাণ হেৰুৱালে ৬ জন কৈ লোকে। মঙ্গলবাৰ পুৱা হাইলাকান্দিৰ ২ স্থানত ভূমিস্খলনত মৃত্যু ৭ গৰাকী ব্যক্তিৰ। ইয়াৰ ভিতৰত আছে একেটা পৰিয়ালৰ ৫ সদস্য। মৃত সকলৰ ভিতৰত আছে ৪টা শিশু। হাইলাকান্দি জিলাৰ ভটৰবজাৰ আৰু মোহনপুৰ(আৰ এ)ত সংগঠিত হৈছে এই ঘটনা ।

এই ভূমিস্খলনত আহত হৈছে আন ৫ জন ব্যক্তিৰ । মৃত্যু হৈছে ভটৰবজাৰৰ কুটন মিঞা লস্কৰ (৪০), জুলফা বেগম (৩৫), নাজিৰা বেগম (৪), হাজিৰা বেগম (৬), ফুতুলি বেগম (৩) মতিউৰ ৰহমান লস্কৰ (৬০) আৰু মোহনপুৰৰ চান্দ মনি মাল (৫) । আহত সকলক ইতিমধ্যে শিলচৰত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইপিনে আজি হাইলাকান্দিত উপস্হিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য। আৰু মন্ত্ৰী গৰাকীয়ে নিহত সকলক ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৪ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে।

Exit mobile version