বটদ্ৰৱাৰ জাজৰি কাণ্ডৰ দুই অভিযুক্ত আৰক্ষী কণিষ্টবলক আটক

IMG 20200605 193326

জাজৰিৰ দুই আৰক্ষী কণিষ্টবলৰ নিৰ্মম প্ৰহাৰত চিকিৎসাধীন হৈ মৃত্যু হোৱা ফণিধৰ বৰাৰ মৃতদেহ আজি বিয়লি জাজৰিৰ বাসগৃহত পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। চৌদিশে কেৱল কান্দোনৰ ৰোল । কোনেও কাকো বুজাব নোৱাৰা এক আবেগিক মূহুর্ত । হিয়া ভুকুৱাই কান্দিছে পৰিয়াল তথা আত্মীয় স্বজন । গুৱাহাটীৰ পৰা ফণিধৰ বৰাৰ মৃতদেহ আহি পোৱাৰ লগে লগে তেখেতৰ বাসগৃহলৈ আগমন ঘটে অগণন গুণমুগ্ধৰ । সেমেকি উঠিছে প্ৰতিজনৰে চকুলো । সকলোৱে তেখেতৰ নশ্বৰদেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । তদুপৰি তেওঁৰ মৃতদেহ লৈ অঞ্চলটোত এক সমদলো উলিওৱা হয় । তাৰ পাছতে পিছত শ শ লোকৰ অশ্ৰূশিক্ত নয়নে বিয়লি শেষ কৃত্য সম্পন্ন কৰা হয় ফণিধৰ বৰাৰ। অতি অমায়িক স্বভাৱৰ ফণিধৰ বৰাৰ মৃত্যুক কেন্দ্র কৰি বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে সমগ্র অঞ্চলটোতে। পৰিস্থিতি যাতে বেয়াৰ ফালে ঢাল নাখায় তাৰ প্ৰতি ঘটনাস্থলীত মোটায়ন কৰা হৈছে অৰ্ধসামৰিক বাহিনীৰ জোৱান।

জাজৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা জাজৰি বজাৰ সমিতিৰ সভাপতি ফণিধৰ বৰাক প্ৰহাৰ কৰা উদণ্ডৰ দুই আৰক্ষী কণিষ্টবল পৰেশ শৰ্মা আৰু আতিকুৰ ৰহমানক ইতিমধ্যেই আটক কৰাৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এম আচাৰ্যিক ৰিজাৰ্ভ ক্ল’জ কৰা বুলি নগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে । ইফালে আজি দুপৰীয়া ফণিধৰ বৰাৰ বাসগৃহত এ ডি জি পি -জে পি সিং উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । লগতে দুৰ্ভগীয়া পৰিয়াটোক তৎকালে সকাহ দিব পৰাকৈ অসম আৰক্ষীৰ ফালৰ পৰা আজি এক লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে অসম আৰক্ষীৰ শীর্ষ বিষয়া গৰাকীয়ে ।

আৰক্ষীৰ আৰু গাঁওৰক্ষী বাহিনীৰ একেটা পৰিয়ালৰে সদস্য বুলি উল্লেখ কৰি আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে আৰু কয় যে, ক্ৰিমিনেল আইনৰ অধীনত অহা পোন্ধৰ দিনৰ ভিতৰত অৰ্থাৎ ২০ তাৰিখৰ ভিতৰত এই ঘটনাৰ চাৰশ্বিৰ্ট দাখিল কৰিবলৈ নগাঁও আৰক্ষীক নিৰ্দেশ দিয়া বুলি কয় । লগতে এই গোচৰ ফাৰ্ষ্ট ট্ৰেক আদালতত চলোৱাৰ বাবেও চেষ্টা কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষী সঞ্চালক প্ৰধানৰ লগত কথা পাতি অচিৰে পৰিয়ালটোক কিছু পৰিমাণে আৰ্থিক সাহায্য দিয়াৰ চেষ্টা কৰিব । তদুপৰি পৰিয়াটোৰ যি কোনো এজনক আত্মসংস্থাপন দিয়াৰ বাবে চৰকাৰৰ লগত আলোচনাত মিলিত হ’ব বুলিও তেওঁ কয়। আনহাতে আজি ফণিধৰ বৰাৰ বাসগৃহত পুৱাৰ ভাগত উপস্থিত হয় বিৰুধী দলৰ উপ দলপতি ৰকিবুল হুছেইন আৰু প্ৰাক্তন মন্ত্রী গৌতম বৰা। প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইনে ফণিধৰ বৰাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

জাজৰিত উপস্থিত হৈ ৰকিবুল হুছেইনে কয়, দুই এজন এনে আৰক্ষীৰ বাহিনীৰ বাবে সকলো আৰক্ষীকে দোষাৰোপ কৰিব নালাগে। অভিযুক্তক আটক কৰাই নহয় চাকৰিৰ পৰা নিলম্বন কৰি উপযুক্ত শাস্তি বিহাৰ দাবী কৰে। লগতে এই দৰিদ্ৰ পৰিয়ালটোক অসম চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াই পৰিয়ালটোৰ যি কোনো এজন সদস্যক স্থায়ী সংস্থাপন দিয়াৰ বাবে চৰকাৰলৈ আহ্বান জনায়। উল্লেখ্য যে, মৃত্যুৰ প্ৰাকমূহুৰ্ত লৈকে গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণিধৰ বৰাই জাজৰি থানাৰ চৌহদৰ কাষতে এখন সৰু চাহৰ হোটেল দি সৰু পৰিয়ালটো পোহপাল দি আহিছিল। সেই সূত্ৰে পুৱাৰ পৰা নিশা লৈকে জাজৰি আৰক্ষীৰ লগতো তেওঁৰ ঘনিষ্ঠতা আছিল।

Exit mobile version