অসম হাইস্কুল আৰু হাই মাদ্রাছা শিক্ষান্ত পৰীক্ষা (২০২০ বৰ্ষ)ৰ ফলাফলত বঙাইগাঁও চহৰৰ মাধ্যমিক স্তৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী প্ৰেৰণা ডেকাই ৰাজ্যখনৰ ভিতৰত দশম স্থান দখল কৰি বঙাইগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।
ADVERTISEMENT
ভাৰতীয় ৰে’লৱে সুৰক্ষা বাহিনীৰ উপ পৰিদৰ্শক দিগম্বৰ ডেকা আৰু নিউ বঙাইগাঁও ৰে’লৱে ৱৰ্কশ্বপৰ কৰ্মচাৰী বন্দনা দাসৰ কন্যা প্ৰেৰণা ডেকাই অসমীয়া (৯২), ইংৰাজী (৯৭), সাধাৰণ বিজ্ঞান (৯৮), সাধাৰণ গণিত (১০০), ঐচ্ছিক গণিত (১০০) আৰু সমাজ বিদ্যা (৯৭) আদি আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক অৰ্জন কৰি শতকৰা ৯৭.৩ শতাংশ নম্বৰেৰে ৰাজ্যখনৰ ভিতৰত দশম স্থান দখল কৰিছে।





























