শিৱসাগৰ নগৰৰ সমীপৰ কাথপাৰৰ ধ্ৰুৱ বৰুৱা আৰু মেঘালী বৰুৱাৰ কন্যা হিমাশ্ৰী বৰুৱাই আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ শিৱসাগৰ নগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হোৱা ছাত্ৰী গৰাকীয়ে মুঠ ৫৮৮ নম্বৰ লাভ কৰিছে।
ADVERTISEMENT




































