তামুলপুৰত বি পি এফৰ মেৰুবিভাজন : ৰাজনৈতিক মহলত ব্যাপক চৰ্চা

IMG 20200607 WA0020

সম্প্ৰতি বিপিএফ দলৰ মেৰুবিভাজন ঘটিছে । সাম্প্ৰতিক সময়ত বিটিচিৰ ৰাজনীতিত বিপিএফ বনাম বিপিএফ চলি আছে । বিটিচিত বিগত ১৭ টা বছৰ ৰাজনীতি কৰা বিপিএফ দলৰ নেতৃত্বৰ ভুলৰ বাবে দলটোত আৰম্ভ হৈছে গৃহ কন্দল । দুই তিনি বছৰ আগতে যি সকলে দল এৰি অন্য দললৈ ঢাপলি মেলিছিল সেই সকলেই এতিয়া দলটোৰ সৰ্বেসৰ্বা হৈ পৰিছে । এসময়ত যিসকলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক তথা নিৰ্বাচনৰ প্ৰাৰ্থীক হৰুৱাবলৈ উঠি পৰি লাগিছিল, সমালোচনা কৰিছিল, সেইসকলেই বৰ্তমান বিপিএফ দলত উঠি ৰজা-বহি ৰজা হ’বলৈ সুবিধা পালে । এই ক্ষেত্ৰত প্ৰকৃত বিপিএফ দলৰ নেতা কৰ্মীয়ে যথেষ্ঠ দুখ পাইছে । আজি একাংশ বিপিএফৰ নেতা- কৰ্মীয়ে সংবিধান মানি চলা নাই । এই ভাষ্য তামুলপুৰৰ বিধায়ক তথা বিপিএফ দলৰ জেষ্ঠ্য নেতা ,অন্যতম সাধাৰণ সম্পাদক ইমানুৱেল ম’ছাহাৰীৰ।

তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ইমানুৱেল ম’ছাহাৰীয়ে এইদৰে কয় । ম’ছাহাৰীয়ে অভিযোগ কৰি কয় যে বিগত নিৰ্বাচনত তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে সাংসদ নৱ কুমাৰ শৰণীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু বিপিএফ দলৰ পৰা আঁতৰি আছিল । কিন্তু দলে তেওঁৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নলৈ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশত তেওঁক পুনৰ তামুলপুৰ জিলা বিপিএফৰ পদত অধিষ্ঠিত কৰা হৈছে । বিপিএফে দলৰ কোনখন সংবিধানৰ ওপৰত ভিত্তি কৰি পুনৰ ৰাজবংশীক তামুলপুৰ জিলা বিপিএফৰ পদত অধিষ্ঠিত কৰিলে তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে বিধায়ক ম’ছাহাৰীয়ে ।

ম’ছাহাৰীয়ে ক্ষোভ প্ৰকাশ কৰি কয়, “নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত ২০২০ ৰ বিটিচি নিৰ্বাচনত বিপিএফৰ মিত্ৰজোঁট বিজেপিৰ পৰা প্ৰাৰ্থী দিয়া হৈছে ৷ তেনে ক্ষেত্ৰত এটা সময়ত বিপিএফ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰি পৰৱৰ্তী সময়ত বিজেপি দললৈ গমন কৰি বিপিএফ দলৰ তীব্ৰ বিৰোধীতা কৰা ৰবীন বিশ্বাসক বিপিএফ দলৰ পৰা কিয় সমৰ্থন জনোৱাৰ বাবে জিলা বিপিএফে উঠি পৰি লাগিছে বুলিও প্ৰশ্ন উত্থাপন কৰে । বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ অনুৰোধত ২০১১ চনত মই তামুলপুৰ বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচন খেলি বিধায়ক হোৱাৰ পাছত নাগ্ৰীজুলিত বিপিএফ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰা কৰিছিলো । কিন্তু যোৱা পাঁচ বছৰত পাঁচ বাৰকৈ দল সলোৱা তথা বিপিএফ দলৰ কোনো সংবিধান নমনাকৈ কাম কৰা নেতা আৰু বিগত বিভিন্ন নিৰ্বাচনত বিপিএফ দলৰ বিৰুদ্ধে কাম কৰা নেতাক এতিয়া বিপিএফ দলত আঁকোৱালি লব খোজা কাৰ্য নাগ্ৰীজুলি অঞ্চলৰ প্ৰকৃত বিপিএফ দলৰ নেতা সকলে মানি ল’ব খোজা নাই ৷ যাৰ বাবে নাগ্ৰিজুলী ব্লক বিপিএফ কে’বাগৰাকী নেতা কৰ্মীৰ লগতে মহিলা মৰ্চা, যুৱ মৰ্চা, প্ৰাথমিক বিপিএফৰ নেত-কৰ্মীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছে ৷

নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ লগতে দৰংগাজুলী, গয়বাৰী আদি সমষ্টিটো অনাগত সময়ত বহু নেতা-কৰ্মী বিপিএফ দল ত্যাগ কৰি যাব বুলিও ইমানুৱেল মোছাহাৰীয়ে মন্তব্য কৰে । বৰ্তমান নাগ্ৰীজুলিত বিপিএফৰ কাৰ্যালয়টো বিজেপিৰ কাৰ্য্যলয়লৈ ৰূপান্তৰিত হৈছে বুলি উল্লেখ কৰি ইমানুৱেল ম’ছাহাৰীয়ে কয় যে, ২০১০ চনত বিধান সভাৰ নিৰ্বাচনত যেতিয়া তামুলপুৰত বিপিএফ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল তেতিয়াও মুছলপুৰৰ পৰা বিপিএফ দলৰ লোকক আহি তেওঁৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল বুলিও অভিযোগ কৰে৷ তেওঁ কয় যে তেতিয়াও মূল বিষয় আছিল বিপিএফ ভাৰ্চেছ বিপিএফ । ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত ইমানুৱেল ম’ছাহাৰী বিজেপি দলত যোগদান কৰা বুলি প্ৰচাৰ চলা সন্দৰ্ভত তেওঁৰ স্থিতি কি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ম’ছাহাৰীয়ে কয় যে, এই ক্ষেত্ৰত তেওঁ এতিয়াও একো সিদ্ধান্ত লোৱা নাই যদিও তেওঁ এতিয়া আৰু বিপিএফ দলত নাই । আগন্তুক বিধান সভা নিৰ্বাচনৰ আগে আগে ৰাইজ আৰু সমৰ্থকৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

তেওঁ পুনৰ কয়- ”মই ভৱিষ্যতে যিয়েই নকৰোঁ কিয় মই বিটিচিবাসীৰ মঙ্গলৰ বাবেই কাম কৰি যাম।” যিহেতু নিৰ্বাচন গণতান্ত্ৰিক পদ্ধতি, গতিকে কোনে কাম কৰিছে, কোনে কাম কৰা নাই তাৰ ওপৰত ৰাইজে দৃষ্টি ৰাখিব আৰু প্ৰতিনিধি ৰাইজেই নিৰ্বাচন কৰিব বুলিও ম’ছাহাৰীয়ে তাৎপৰ্যপূর্ণ মন্তব্য কৰে। উল্লেখ্য যে তলাবন্ধ চলি থকাৰ মাজতে সদ্য স্থগিত বিটিচিৰ পৰিষদীয় নিৰ্বাচনক লৈ বিপিএফ, বিজেপি, ইউপিপিএল কে আদি কৰি বিভিন্ন ৰাজনৈতিক দলে সংগোপনে প্ৰচাৰ কাৰ্য চলাই থকাৰ পৰিলক্ষিত হৈছে ৷ তাৰ মাজতে বিপিএফ দলৰ নেতাকৰ্মীৰ পদত্যাগ আৰু বহিষ্কাৰৰ ঘটনাই তামুলপুৰৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে ৷

Exit mobile version