মহানগৰীত খোৱাপানীৰ সমস্যাৰ শীঘ্ৰে সমাধান দাবীত আছুৰ প্ৰতিবাদ

water

গুৱাহাটীত মহানগৰীত খোৱাপানীৰ সমস্যাৰ শীঘ্ৰে সমাধান দাবীৰে আজি সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । মহানগৰীৰ গুৱাহাটী ক্লাবৰ ৰ’টাৰীত হাতে হাতে প্লে’কাৰ্ড লৈ ৰূপায়ন কৰা প্ৰতিবাদ অংশ লৈ আছুৰ কেন্দ্ৰীয় কাৰ্যনির্বাহক সদস্য সীমান্ত ঠাকুৰীয়া কয় , “মানুহৰ ন্যূনতম প্ৰয়োজন পূৰণ কৰাত বৰ্তমানৰ চৰকাৰ সম্পূৰ্ন ব্যৰ্থ হৈছে।

গুৱাহাটীৰ কাষতে ব্ৰহ্মপুত্ৰ নদী থকাৰ পাছতো আজিৰ তাৰিখলৈকে পানী শোধন কৰি ৰাইজক যোগান ধৰিবলৈ সক্ষম নহল।ৰাজধানীতে যদি চৰকাৰখন ব্যৰ্থ তেন্তে ৰাজ্যৰ বাকী অঞ্চল তথা জিলাসমূহত কি হ’ব | চৰকাৰৰ আঁচনি ৰাইজে বহুত দেখিলে। কিন্তু আজিলৈ পানী নাপালে।”উল্লেখ যে দীৰ্ঘদিনৰ পৰা গুৱাহাটীবাসীয়ে খোৱাপানীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে।গুৱাহাটী পৌৰ নিগমে প্ৰতিবাৰেই খোৱাপানীৰ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰি আহিছে যদিও আজিকোপতি সমাধান হোৱা নাই জলন্ত সমস্যাটো।

Exit mobile version