লাডাখৰ পাছত সৈন্য বৃদ্ধিৰে অৰুণাচল সীমান্তত চীনৰ ৰণচালি

pic

পুনৰ ভাৰত চীনৰ সীমান্তত উত্তেজনাৰ সৃষ্টি হৈছে। বিগত কিছুদিন ধৰি লাডাখ সীমান্তত ছেগা চেৰোকাকৈ সংঘৰ্ষময় পৰিৱেশৰ সৃষ্টি হোৱাৰ পাছত পুনৰ ৰঙাচীনে নিজৰ স্বৰূপ উদঙালে। লাডাখ সীমান্তক লৈ আলোচনা চলি থকাৰ মাজতে চাৰি হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ অৰুণাচল সহ অন্যান্য অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সেনাবাহিনী নিয়োগ কৰিলে বেইজিঙে। ইয়াৰ প্ৰত্যত্তুৰত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ চীনা সংলগ্ন সীমান্তত নতুন দিল্লীয়ে সৈন্যবল বৃদ্ধি কৰিছে, সেনা সংখ্যা বঢ়াইছে। সূত্ৰত প্ৰকাশ যে ভাৰতীয় সেনাৰ এজন শীৰ্ষ বিষয়াই কয় যে লাডাখৰ উপৰি ভাৰতৰ সতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ প্ৰায় সকলোবোৰ ঠাইতে চীনে সেনা নিয়োগ কৰিছে।

ফৰৱাৰ্ড পজিচনৰ পাছতে সজ্জিত গাড়ী, টোপ আৰু অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ সহ ৰঙাচীনৰ অতিৰিক্ত সেনাবাহিনী সাজু হৈ আছে। ইয়াৰ উত্তৰত প্রকৃত নিয়ন্ত্ৰণ ৰেখা সংলগ্ন প্ৰায় সকলোবোৰ খণ্ডতে যুঁজাৰুবাহিনী নিয়োগ কৰিছে ভাৰতীয় সেনা বাহিনীয়ে। হিমাচল প্ৰদেশৰ দায়িত্বত থকা সেনাবাহিনীৰ এটা ৰিজাৰ্ভ ব্ৰিগেডক লাডাখলৈ প্ৰেৰণ কৰা হৈছে। উত্তৰাখণ্ডত চীনৰ আগ্ৰাসন ৰোধিবলৈ হাৰছিল-বাৰাহাটি, নেলাং উপত্যকা খণ্ডত অতিৰিক্ত সেনা নিয়োগ কৰিছে ভাৰতে। ইপিনে দেশৰ পূব খণ্ডৰ পৰা আৰম্ভ কৰি অৰুণাচল পর্যন্ত সুৰক্ষাৰ বাবে সীমান্ত নিয়োগ কৰা হৈছে সেনাৰ ৩৩ ক’ৰ, ফ’ৰ ক’ৰ, এটা বিগ্ৰেডক। ইয়াৰ সমান্তৰালভাৱে যিকোনো মুহূৰ্তলৈ সীমান্তলৈ যাবলৈ প্ৰস্তুত কৰা হৈছে ১৭ মাউণ্টেইন ষ্ট্ৰাইক ক’ৰক।

একেদৰে যুদ্ধ হ’লে প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সিপাৰে চীনা ঘাটি ধ্বংস কৰিবলৈ আমেৰিকাত নিৰ্মিত পাতলীয়া টোপ নিয়োগ কৰিছে ভাৰতীয় সেনা বাহিনীয়ে। যোৱা ৬ জুনত দুই দেশৰ মাজত হোৱা মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠকৰ পাছত গালৱান অঞ্চল, পেট্ৰলিং পইণ্ট১৪,১৫ আৰু হৰ্টস্প্ৰীং অঞ্চলত সংঘৰ্ষৰ কেন্দ্ৰস্থলীৰ পৰা আঢ়ৈ কিলোমিটাৰ পিছুৱাই গৈছে চীনা সেনা বাহিনী। প্ৰত্যক্ষভাৱে সংঘাতৰ পথ নলৈ কুটনৈতিক অথবা সামৰিক স্তৰত আলোচনাৰ মাধ্যমেৰে বিবাদ-নিষ্পত্তিৰ পক্ষত মত দিছে নতুন দিল্লী আৰু বেইজিঙে। এই পৰিস্থিতিত অৰুণাচলসহ আন অঞ্চলত চীনা সেনাৰ আগ্ৰাসী মনোভাৱে পৰিস্থিতি পুনৰ জটিল কৰি তুলিছে।

Exit mobile version