নদীৰ বুকুত উদ্ধাৰ কৰা হৈছে প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ।ওড়িছাৰ মহানদীৰ বুকুত প্ৰাচীন মন্দিৰৰ এই ভগ্নাৱশেষ উদ্ধাৰ কৰিছে ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজৰ এটি দলে ।ইনটাকৰ প্ৰত্নতাত্ত্বিক অধ্যয়নকাৰী এটি দলে কটকৰ ওচৰত মহানদীত দীৰ্ঘদিন এই সন্দৰ্ভত অনুসন্ধান চলাই আছিল।
কটকৰ পৰা কিছু উজনিৰ দিশত এই ভগ্নাৱশেষ উদ্ধাৰ কৰা হয় ।ইয়াৰ পাছৰে পৰা মন্দিৰটোক লৈ আৰম্ভ হৈছে জল্পনা- কল্পনাৰ ।এই ভগ্নাৱশেষৰ আধাৰতে কালৰ গৰ্ভত হেৰাই যোৱা ইতিহাস পুনৰ মুকলিৰো চেষ্টা আৰম্ভ কৰা হৈছে ।মন্দিৰৰ ভগ্নাৱশেষৰ উদ্ধাৰ কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা লয় ইনটাকৰ প্ৰকল্প সহায়ক দীপক কুমাৰ নায়কে।
অনুসন্ধান কাৰ্যত বহুবাৰ ব্যর্থ হোৱাৰ পাছতো চেষ্টা অব্যাহত ৰাখিছিল প্ৰকল্প সহায়ক নায়কে ।অৱশেষত কটকৰ ওচৰৰ পদ্মাৱতী অঞ্চলৰ বৈদেশ্বৰত নদীৰ মাজভাগতে কাংক্ষিত সন্ধান লাভ কৰে ।পানীৰ মাজত মন্দিৰৰ চুড়া বিচাৰি পায় প্ৰত্নতাত্ত্বিকসকলে ।প্ৰাচীন এই মন্দিৰৰ অৱস্থান নিৰ্ণয় কৰাত নায়কক সহায় কৰে স্থানীয় উৎসাহী ব্যক্তি ৰবীন্দ্ৰ ৰাণাই।সম্প্ৰতি বাৰিষাৰ পূৰ্বে নদীত পানী কিছু হ্ৰাস পোৱাৰ সময়তে মন্দিৰৰ চুড়া উন্মুক্ত হৈ পৰিছিল।
মন্দিৰৰ চুড়া দেখাৰে পৰা স্থানীয় লোকসকলৰ মাজত বিশ্বাস জাগে যে পানীৰ তলত বৃহৎ কিছু আছে ।তাৰ পাছতেই সন্ধান আৰম্ভ হয় ইনটাকৰ ।তথ্য অনুসৰি প্ৰাচীন এই মন্দিৰটোত গোপীনাথ দেৱৰ আৰাধনা কৰা হৈছিল।মন্দিৰ থকা ঠাইডোখৰ পূৰ্বে ‘সাত পাটনা’ হিচাপে পৰিচিত আছিল ।মহানদীয়ে গতিপথ পৰিৱৰ্তন কৰাৰ সময়ত সেই স্থান নদীৰ বুকুত বিলীন হৈ পৰে ।১৯ শতিকাৰ প্ৰায় মাজভাগতে বিপদৰ আশংকা কৰি দেৱ-দেৱীৰ প্ৰতিমা কিছু আঁতৰৰ উক্ত স্থানত পুনৰ স্থাপন কৰা হৈছিল।পৰৱৰ্তী সময়ত বৰ্তমানৰ পদ্মাৱতী অঞ্চলত গঢ়ি তোলা হয় গোপীনাথ দেৱৰ নতুন মন্দিৰ ।