চীনত পুনৰ কৰ’না সংক্ৰমণৰ আশংকাঃ একাংশ অঞ্চলত তলাবন্ধ

covid19

চীনত পুনৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ আশংকা ঘনীভূত হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত দেশখনৰ ৰাজধানী বেইজিঙৰ এটা বৃহৎ অংশত পুনৰ তলাবন্ধৰ ঘোষণা কৰিলে চৰকাৰে । শনিবাৰে বেইজিঙত পুনৰ ৬ জন লোকৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলতে সংক্ৰমণৰ আশংকা বৃদ্ধি পোৱাত জি জিনপিঙ চৰকাৰে তাৎক্ষণিক তলাবন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰে। এটা আন্তৰ্জাতিক সংবাদ সংস্থাৰ তথ্য অনুসৰি দক্ষিণ বেইজিংৰ ফেংতাই জিলাৰ১১ টা অঞ্চলৰ বাসিন্দাসকলৰ ঘূৰা-পকাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। সেই অঞ্চলৰ নিকটৱৰ্তী এখন বজাৰৰ পৰাই পুনৰ কৰ’না ভাইৰাছ বিয়পা বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে। উল্লেখ্য যে প্ৰায় দুমাহৰ বিৰতিৰ পাছত যোৱা বৃহস্পতিবাৰে বেইজিঙত পুনৰ কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। কেইবাজনো লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছিল। শনিবাৰে পুনৰ ৬ জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাত চৰকাৰ সতৰ্ক হৈ পৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি নতুনকৈ আক্ৰান্ত হোৱা সকল জিনফাদি মাংসৰ বজাৰলৈ গৈ সংক্ৰমিত হৈছে। বজাৰখন ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। লগতে অঞ্চলটোৰ স্কুল কলেজো বন্ধ কৰে প্ৰশাসনে। ইয়াৰ উপৰি সমীপতে থকা এখন সামুদ্ৰিক প্রাণীৰ বজাৰো প্ৰশাসনে বন্ধ কৰাৰ সিদ্ধান্ত লয়। সকলো মিলাই বেইজিঙৰ এটা বৃহৎ অংশত শনিবাৰৰ পৰা প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। উল্লেখ্য যে বিগত বৰ্ষৰ শেষৰ ফালে দেশখনৰ হুৱেই প্ৰদেশৰ উহান চহৰত প্ৰথমবাৰলৈ কৰ’না ভাইৰাছে তাণ্ডৱ আৰম্ভ কৰে। কম দিনৰ ভিতৰতে এই ভাইৰাছে সমগ্র চীনৰ সংক্ৰমণ বিয়পোৱাৰ পিছত ক্ৰমান্বয়ে বিভিন্ন দেশলৈ বিয়পি পৰে।

কিছুদিনৰ পূৰ্বেই জিনপিঙ চৰকাৰে কৰ’নাক কেন্দ্ৰ কৰি এখন শ্বেতপত্ৰ প্ৰকাশ কৰে। শ্বেতপত্ৰত উল্লেখ কৰা হয় ২০১৯ চনৰ ২৭ ডিচেম্বৰত প্ৰথমে বুজা গৈছিল যে নিউ’মনিয়া উহানৰ মানুহৰ মাজত বিয়পি পৰিছে। তেতিয়াও এই ভাইৰাছৰ পৰিচয় জানিব পৰা হোৱা নাছিল। সেয়ে উপসৰ্গ সমূহক কেৱল নিউ’মনিয়া বুলি ভবা হৈছিল। কিন্তু চিন্তা লাগিছিল সংক্ৰমণৰ প্রকৃতি দেখি। সাধাৰণ নিউ’মনিয়াটো এইদৰে বিয়পি নপৰে ! একেধৰণৰ উপসৰ্গ লৈ বহু লোক হাস্পতালত ভৰ্তি হৈছিল। তেতিয়াই সকলো কথা স্পষ্ট হোৱাৰ বাবে চীন চৰকাৰে এখন বিশেষজ্ঞ কমিটি গঠন কৰে । লগতে বৃদ্ধি কৰে সতৰ্কতাও।

Exit mobile version