শোকস্তব্ধ বলীউডঃৰূপালী পৰ্দাৰ মহেন্দ্ৰ সিং ধোনী আৰু নাই

sushant

বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে দেওবাৰে মুম্বাইস্থিত বান্দ্ৰাৰ বাসগৃহত চিপ লৈ আত্মহত্যা কৰে ৷মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল মাত্ৰ ৩৪ বছৰ ৷পাটনাত জন্ম গ্ৰহণ কৰা সুশান্ত চাৰি গৰাকী ভগ্নীৰ মাজত যথেষ্ট মৰমৰ আছিল ৷ ইফালে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সকলোৰে কাৰণে হৈ পৰিছে বিশেষ উৎসুকতাৰ বিষয় ৷কাৰণ বলীউডত সুশান্ত সিং ৰাজপুতৰ আছিল বিশেষ স্থান ৷আঠ জুনত সুশান্তৰ মেনেজাৰ দিশা সেলিয়নে বিল্ডিঙৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল ।

সুশান্তে ইতিমধ্যে মহেন্দ্ৰ সিং ধোনীৰ বায়’পিকত অভিনয় কৰি সকলোৰে পৰা সমাদৰ লাভ কৰিছিল । বলীউড তথা অনুৰাগীসকলৰ লগতে সুশান্তৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোক প্ৰকাশ কৰিছে ।আনহাতে সুশান সিং ৰাজপুতৰ মৃতদেহ পুৱা তেওঁৰ ঘৰত কাম কৰা এজন কৰ্মচাৰীয়ে চিলিং ফেনত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ইয়াৰ পিচত আৰক্ষীক খবৰ দিয়ে কৰ্মচাৰীজনে ৷আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷ সুশান্তে শেষ বাৰৰ কাৰণে এজন বন্ধুৰ লগত ফোনত কথা পাতিছিল ।

অৱশ্যে সুশান্তে মত বিনিময় কৰা সেই বন্ধুজন কোন আছিল বা তেওঁলোকে কি কথা পাতিছিল সেয়া আৰক্ষীয়ে এতিয়ালৈকে জনোৱা নাই ৷এক বিশেষ সূত্ৰৰ মতে সুশান্ত সিঙ ৰাজপুত ছমাহৰ পৰা ডিপ্ৰেছনত ভূগি আছিল ৷ আৰু ইয়াৰ ঔষধ খাই আছিল ৷ উল্লেখযোগ্য যে সুশান্ত সিঙে ৩মে’ত ছ’চিয়েল মিডিয়াত নিজৰ মাতৃক সুঁৱৰি লিখিছিল যে “জীৱনৰ কোনো ঠিকনা নাই” ৷

২০১৯ চনত বলীউডত মুক্তি লাভ কৰা “চিচোৰে” ছবিত সুশান্ত এজন পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ৷এই ছবিখনত সুশান্তে আত্মহত্যা কৰিবলৈ লোৱা সন্তান আৰু তেওঁৰ বন্ধুক নিজৰ অসফলতাৰ কাহিনী কৈ শুনাইছিল ৷ তেনেস্থলত ছবিৰ পৰ্দাত জীৱনটো উপভোগ কৰিবলৈ শিকোৱা সুশান্তে কেনেকৈ এনেদৰে আত্মহত্যা কৰিব পাৰে তাকে লৈ অনুৰাগীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সৰুৰে পৰা পঢ়া শুনাত পাৰ্গত সুশান্তে অলপতে ৫০ টা সপোনৰ এখন তালিকা প্ৰস্তত কৰি উলিয়াইছিল ৷

ইয়াৰে এটা আছিল “দ্য ইউৰোপীয়ান অৰ্গেনাইজেশ্যন ফৰ নিউক্লিয়েৰ ৰিচাৰ্চ”লৈ যোৱা ।সুশান্তে ২০০৩ ত “দিল্লী কলেজ অফ ইঞ্জিনীয়াৰিং এন্ট্ৰেন্স একজামিনেছন”ত সপ্তম স্থান লাভ কৰিছিল ৷ইয়াৰ পিছত বলীউডৰ ছবি জগতৰ প্ৰতি আকৰ্ষিত হৈ সুশান্তে বেক আপ ডান্সাৰ ৰূপে মনোৰঞ্জন জগতত খোজ পেলাইছিল ।

সৰু পৰ্দাত সুশান্তে বালাজী টেলিফ্লিমছৰ “কিচ দেশ ম্যে হ্যে মেৰা দিল” নামৰ ধাৰাবাহিকৰ পৰা অভিনয় জগতৰ পাতনি মেলিছিল ৷তাৰ পিছত জি টিভিৰ “পবিত্ৰ ৰিস্তা”ৰ জৰিয়তে সুশান্ত দেশৰ ঘৰে ঘৰে জনপ্ৰিয়তা লাভ কৰে ।ইয়াৰ উপৰিও সুশান্তে “জৰা নাচ কে দিখা ২” আৰু “ঝলক দিখলা জা ৪ “তো অংশ লয় ৷সুশান্তৰ শেষখন ছবি “ডাইড”নেটফ্লিক্স”ত উপলব্ধ ৷ ইয়াৰোপৰি কাই পো চে,শুদ্ধ দেশী ৰোমান্স,পিকে,এমএচ ধোনী,ৰাবতা,ৱেলকাম টু নিউয়ৰ্ক,কেদাৰনাথ,চিচোৰে,ড্ৰাইভ আদি ছবিত অভিনয় কৰাৰ উপৰিও “দিল বেচাৰা” ছবিখন আছিল মুক্তিৰ অপেক্ষাত ৷

Exit mobile version