ভাৰত চীনৰ সীমান্ত সন্দৰ্ভত উত্তেজনা অব্যাহত

af4863d3 ba9a 4398 aca9 1d6fdbf5de1e

ভাৰত আৰু চীন সীমান্তত গালৱাল উপত্যকাত দুয়ো দেশৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ সন্দৰ্ভত উত্তেজনা অব্যাহত আছে ৷ ইতিমধ্যে এই সংঘৰ্ষত ভাৰতৰ তিনিজন জোৱান শ্বহীদ হৈছে ।তেওঁলোক হ’ল কৰ্ণেল সন্তোষ বাবু, হাবিলদাৰ পালানী আৰু কুন্দন ঝা ৷ চীনৰ ৪০ জন জোৱানৰ লগতে মৃত্যু হয় এজন কামাণ্ডিং অফিচাৰৰ ৷

দুয়ো দেশৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰবক্তা ঝাঅ’ লিজিয়নে গালৱান উপত্যকা পূৰ্বৰে পৰা চীনৰে আছিল বুলি সকীয়াই দিয়ে ৷লগতে কয় যে ভাৰতীয় সেনাই চীন সীমান্তৰ প্ৰ’টকল উলংঘন কৰিছে ৷ ভাৰতীয় সেনাক উচতনি মূলক কাৰ্যৰ পৰা বিৰত থাকি আলোচনাৰ মাজেৰে সীমান্তৰ বিবাদ সমাধান কৰিবলৈ আহ্বান কৰে ঝাও লিজিয়নে। ইফালে এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি চীন ভাৰতৰ এই সংঘৰ্ষত বহু লোকচানৰ সন্মুখীন হৈছে চীন ৷কাৰণ চীনৰ সীমান্ততো সঘন এম্বুলেন্সৰ আৰু আকাশমাৰ্গেৰে বিমানৰ আহ যাহ পৰিলক্ষিত হৈছে ৷

ইফালে এক সূত্ৰৰ খবৰ অনুসৰি ভাৰত চীনৰ সংঘৰ্ষত চীনৰ কিমান জন সৈন্যৰ মৃত্যু হৈছে তাৰ সঠিক তথ্য লাভ কৰা নাই যদিও মৃত্যু হোৱা জোৱানৰ সংখ্যা ৪০ জন বা তাতকৈ অধিক হ’ব বুলি ধৰা হৈছে ৷ আনহাতে ভাৰত চীনৰ সংঘৰ্ষৰ উত্তেজনাৰ সময়তে আমেৰিকাৰ এজন উচ্চ প্ৰশাসনিক বিষয়াই কয়”আমি সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছো। আমি বিচাৰো যে ভাৰত আৰু চীনে আলোচনাৰ মাজেৰে সীমান্তৰ বিবাদ সমাধান কৰে ৷কাৰণ সংঘৰ্ষৰ দ্বাৰা এটা পক্ষৰো লাভ নহয়। অৱশ্যে সম্প্ৰতি ভাৰতে এতিয়া চীনৰ এই আহ্বানক কেনেদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় বিষয় ৷

Exit mobile version