প্ৰেমিকাৰে বিচ্ছেদ: সুৰাপান কৰি বিমানত তাণ্ডৱ চীনা মহিলাৰ

WhatsApp Image 2020 06 21 at 12.29.50 PM

চীনত ঘৰুৱা বিমানসেৱাৰ এখন বিমানৰ জৰুৰী অৱতৰণ কৰিবলগীয়া হয় প্ৰেম প্ৰত্যাখিত এগৰাকী মহিলাৰ উন্মত্ত আচৰণৰ বাবে । মহিলাগৰাকীৰ হৃদয় চূৰ্ণ হোৱাৰ পৰিণাম ভোগ কৰিবলগীয়া হয় বিমানখনত থকা শতাধিক যাত্ৰীয়ে । মহিলাগৰাকীৰ নাম লি। বয়স ২৯ বছৰ । চীনৰ জিনিঙৰ পৰা পূৰ্ব চীনৰ ইয়ানচেনলৈ গৈছিল বিমানখন। লুং এয়াৰলাইন্সৰ বিমানখনৰে যাত্ৰী আছিল লি । মহিলাগৰাকীৰ উন্মত্ত আচৰণত এটা সময়ত বিমান খন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকাৰো সৃষ্টি হৈছিল । লিৰ এনে আচৰণৰ এটি ভিডিঅ’ চীনৰ ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈছে । বিমানত উঠাৰ পূৰ্বে প্ৰায় আধা লিটাৰ সুৰাপান কৰিছিল লিয়ে।প্ৰকৃততে লি আৰু প্ৰেমিকৰ মাজত বিচ্ছেদ হৈছিল শেহতীয়াকৈ । সেই দুখতে অধিক ভাৱে সুৰাপান কৰে লিয়ে ।

ইয়াৰ পাছতে বিমানত উঠা লিয়ে কান্দিবলৈ আৰম্ভ কৰে । সমান্তৰালভাৱে বিমানৰ খিৰিকীৰ আইনাত হাতেৰে ঢকিয়াবলৈ আৰম্ভ কৰে । বিমান সেৱিকাই ইয়াৰ মাজতো লিক শান্ত কৰিবলৈকো চেষ্টা কৰে; কিন্তু শান্ত হোৱাৰ পৰিৱৰ্তে অধিক জোৰকৈহে আইনাত ঢকিয়াবলৈ আৰম্ভ কৰে লিয়ে । এটা সময়ত আইনা খন ভঙাৰো উপক্ৰম হয় । ঘটনাৰ ৰূপ দেখি লিৰ ওচৰলৈ আহিবলৈ বাধ্য হয় বিমানৰ চালক । আইনাখন ভাঙিবলৈ হ’লে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি বিমানচালকে জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয় বিমানখনৰ । মাজ পথতে ঝেংঝো চহৰত অৱতৰণ কৰা হয় বিমান খন।অৱতৰণৰ পাছতে লিক আটক কৰে আৰক্ষীয়ে । চিকিৎসকৰ পৰীক্ষাত লিৰ শৰীৰত পোৱা হয় মাত্ৰাধিক সুৰাৰ অৱস্থিতি । লিক জৰিমনা কৰিয়ে এৰি দিয়া হ’ব নে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব সেই সন্দৰ্ভত অৱশ্যে আৰক্ষীয়ে কোনো মন্তব্য কৰা নাই।

Exit mobile version