আঁকোৰগোজ চীনঃ সীমান্তত অস্থিৰ পৰিবেশ

WhatsApp Image 2020 06 22 at 11.19.23 AM

গালৱান উপত্যকাত ১৫ জুনৰ নিশা হৈছিল? আগ্নেয়াস্ত্ৰ নথকা সত্তেও ভাৰত আৰু চীনৰ মাজত সংঘৰ্ষ কেনেকৈ হৈছিল ৷ এই সন্দৰ্ভত বিভিন্ন জল্পনা কল্পনা অব্যাহত থাকিলেও সেনা বা চৰকাৰীসূত্ৰই কোনো আনুষ্ঠানিকতা ঘোষণা কৰা নাই । সূত্ৰই প্ৰকাশ যে চীনা সৈন্যই গালৱান উপত্যকাৰ ৱাই পইন্টত ভাৰতীয় ভূখণ্ডত প্ৰবেশ কৰি অস্থায়ী আন্তঃগাঁথনি নিৰ্মাণ কৰিছিল ৷ আৰু ইয়াকে লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল ৷ পৰিকল্পিতভাৱে চীনা সৈন্যই অপ্ৰৰোচিত আক্ৰমণ কৰিছিল ৷ আৰু তুলনামূলকভাৱে উচ্চ অৱস্থানত আছিল চীনা সৈন্য ৷ ভাৰতৰ পক্ষত আছিল ১০০ জন জোৱান বিষয়া ৷

আনহাতে চীনৰ পক্ষত আছিল ৩৫০ জন ৷ প্ৰায় তিনিঘণ্টা হৈছিল সংঘৰ্ষ ৷ এই সংঘৰ্ষত ২০ জন ভাৰতীয় সেনা শ্বহীদ হৈছিল। চীনা পক্ষৰো বহু জোৱান আহত হৈছিল যদিও ভাৰতৰ পক্ষত নাই কোনো তথ্য । চীনে হতাহতৰ কথা প্ৰকাশ কৰিলেও কিন্তু এতিয়াও প্ৰকৃত তথ্য সদৰী কৰা নাই । এই সংঘৰ্ষৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । সেনাৰ সূত্ৰৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি পে’ট্ৰলিং পইন্ট ১৪ (পি পি ১৪ )ত চীনা সৈন্যই দখল কৰাক লৈ ঘটনাৰ সূত্ৰপাত হয় । ৰক্তাক্ত সংঘৰ্ষত ভাৰতৰ এজন কৰ্ণেলসহ ২০ জন সেনাৰ মৃত্যু হয় । পি পি ১৪ ৰ পৰা চীনৰ সেনা প্ৰত্যাহাৰৰ কাৰণে ১৫ জুনৰ নিশা পূব লাডাখত এক বিশেষ স্থানত বৈঠকৰ আহ্বান কৰা হৈছিল ৷ তাত যোগ দিছিল তিনি নম্বৰ ডিভিজনৰ কমাণ্ডাৰ আৰু বিষয়াসকলে ৷

এই বৈঠকত সিদ্ধান্ত হয় যে ভাৰতীয় ভূখণ্ডৰ আভ্যন্তৰত এই পি পি ১৪ ৰ পৰা আঁতৰি যাব চীনা সৈন্য । ১৬ বিহাৰ ৰেজিমেণ্টৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হয় পি পি ১৪ লৈ গৈ চীনা সেনাক আঁতৰি যোৱাৰ কথা ক’বলৈ ৷ এই মৰ্মে বিহাৰ ৰেজিমেণ্টৰ এটি সৰু টহলদাৰী দলক সেই পইন্টলৈ প্ৰেৰণ কৰা হয় । ইয়াৰ পাছত কি হ’ল ? প্ৰতিবেদনত প্ৰকাশ যে বিহাৰ ৰেজিমেণ্টৰ জোৱানসকলে ১৪ নম্বৰ পইন্টলৈ গৈ দেখে যে ১০-১২ জন চীনা সেনাই সেই স্থানত অস্থায়ী আন্তঃগাঁথনি নিৰ্মাণ কৰি পহৰা দিছে ৷ বিহাৰ ৰেজিমেণ্টৰ জোৱানসকলে তেওঁলোকক আঁতৰি যাবলৈ কয় যদিও তেওঁলোক মান্তি নহ’ল ৷ অধিক বাদানুবাদ নকৰি জোৱানৰ দলটো পুনৰ সেই বাৰ্তা দিবলৈ ইউনিটলৈ উভতি যায় ৷

কিন্তু চীনা বাহিনীয়ে ধাৰণা কৰিছিল যে ইউনিটলৈ গৈ খবৰ দিলে পুনৰ ভাৰতীয় সেনাই বৃহৎ বাহিনীটো লৈ উভতিব পাৰে ৷ গতিকে প্ৰস্তুতি আৰম্ভ কৰে তেওঁলোকে । সেই অনুযায়ী পি পি ১৪ ৰ কিছু ওপৰৰ দিশলৈ পাহাৰীয়া অঞ্চলটোত সমবেত হয় প্ৰায় ৩৫০ সেনা জোৱান আৰু অস্ত্ৰ শস্ত্ৰ মজুত ৰখা হয় ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ যে চীনা সেনাৰ আঁকোৰগোজ মনোভাৱৰ বাতৰি লাভ কৰাৰ পাছত বিহাৰ ৰেজিমেণ্টৰ কমাণ্ডিং বিষয়া সন্তোষ বাবুৰ নেতৃত্বত ৫০ জনীয়া এটা পি পি ১৪ ৰ ওচৰলৈ গৈ চীনা বাহিনীক অঞ্চল ত্যাগ কৰিবলৈ কোৱাত বাদানুবাদ আৰম্ভ হয় ৷ ভাৰতীয় সেনাই অস্থায়ী গাঁথনি ভাঙিবলৈ কোৱাত আৰম্ভ হয় মাৰপিটৰ লগতে হতাহতি ৷

কিন্তু চীনে পূৰ্বৰে পৰা অস্ত্ৰ শস্ত্ৰ মজুত কৰি ৰাখিছিল । তুলনামূলক চীনা সেনাই ওখ স্থানৰ পৰা শিল দলিয়াবলৈ ধৰে ৷ এই বতৰা লাভ কৰি ভাৰতৰ পক্ষৰ পি পি ১১ আৰু পি পি ১৭ ৰ পৰা প্ৰায় ৫০ জন জোৱানে ঘটনাস্থলীত যোগ দিয়ে ৷ দুয়োপক্ষৰ মাজত প্ৰায় তিনিঘণ্টা ধৰি সংঘৰ্ষ হৈছিল বুলি কোৱা হৈছে । তদুপৰি কোৱা হৈছে যে চীনৰ বহু সেনা আহত হৈ গোটেই নিশা সেই অঞ্চলতে পৰি আছিল আৰু বহুতে প্ৰাণ হেৰুৱাইছিল ৷ সূত্ৰত প্ৰকাশ যে শেষ পৰ্যন্ত পি পি ১৪ ভাৰতে দখল কৰিছিল ।

Exit mobile version