গালৱানৰ পাছত এইবাৰ লাডাখৰ ডেপচাং উপত্যকাত চকু চীনৰ

12 bazar

গালৱান উপত্যকা আৰু পাংগা হ্ৰদৰ পাছত এইবাৰ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সংলগ্ন ডেপচাং উপত্যকালৈ চকু দিছে ৰঙা চীনে ৷ এই অঞ্চলত সামৰিক শক্তি ব্যৱহাৰ কৰি চীনে ভাৰতৰ অধীনস্থ অঞ্চল হস্তগত কৰিবলৈ চেষ্টা চলাব বুলি আশংকা কৰা হৈছে ৷ জম্মু কাশ্মীৰৰ সেনা ১৬ ক’ৰৰ প্ৰাক্তন কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰামেশ্বৰ ৰাওৱে কয় যে ইমানদিনে চীনৰ বাবে ডেপচাং উপত্যকাত ঘাটি পাতি বহি থকাটো সমস্যাৰ বিষয় আছিল ৷ কিয়নো পাহাৰৰ ওপৰৰ দৌলত বেগ অ’ল্ডি বিমান ঘাটিৰ পৰা ভাৰতে সেই অঞ্চলৰ ওপৰত কৰ্তৃত্ব আৰোপ কৰি আছিল ৷ কিন্তু এতিয়া চীনৰ সেনাই ডেপচাং উপত্যকাৰ দক্ষিণে গালৱান উপত্যকাত পাহাৰৰ মূৰলৈ প্ৰবেশ কৰিছে ৷

ইপিনে, পাংগা হ্ৰদৰ ভিতৰলৈ প্ৰবেশ কৰা ফিগাৰ ফ’ৰ নামৰ পাহাৰৰ মূৰত চীনৰ সেনাই বাহৰ পাতিছে ৷ ইয়াৰ পাছত চীনে ডেপচাঙত সামৰিক শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব ৷ অৰ্থাৎ ক’বলৈ গ’লে ডেপচাং উপত্যকাৰ পৰা একেবাৰে তলৰ ডেমচক পৰ্যন্ত কৰ্তৃত্ব লোৱাৰ ক্ষমতা আছে চীনৰ ৷ সেনাৰ সূত্ৰত প্ৰকাশ যে প্ৰাক্তন সেনা বিষয়াজনৰ এনে ধাৰণা অমূলক নহয় । কাৰণ ডেপচাঙত ইতিমধ্যে সেনাৰ সংখ্যা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে চীনে ৷ সেই অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘন কৰি চীনে প্ৰৱেশ কৰিছে ৷ নিয়ন্ত্ৰণ ৰেখা সংলগ্ন অঞ্চলত সেনাবলৰ লগতে টেংক, কামান আদিও জমা কৰিছে চীনে ৷ অঞ্চলটোত দ্ৰুত সেনা নিয়োগৰ বাবে চীনে ৰাস্তাও নিৰ্মাণ কৰিছে ৷

অৱসৰপ্ৰাপ্ত জেনেৰেল ৰায়ে কয় যে ডাৰবুকৰ পৰা শ্বিয়ৰ হৈ দৌলত বেক অ’ল্ডি বিমানঘাটি পৰ্যন্ত ভাৰতে নিৰ্মাণ কৰি থকা পথ চীনৰ মূৰৰ কামোৰণি হৈছে ৷চীনে পাহাৰৰ ওপৰৰ পৰা এই পথছোৱাত গতিবিধিৰ ওপৰত দৃষ্টি ৰাখিব বিচৰা বুলি গালৱান ঘাটিত ১৪ নম্বৰ পে’ট্ৰলিং পইন্ট সংলগ্ন অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক বুঢ়া আঙুলি দেখুৱাই পাহাৰৰ ওপৰলৈ গুচি আহিছে চীনৰ সেনা ৷তাৰ পৰা যাতে দৌলত বেগ অ’ল্ডিৰ দিশলৈ যোৱা পথৰ ওপৰত দৃষ্টি ৰাখিব পাৰে । এই পৰিস্থিতি সামৰিক দিশৰ পৰা ভাৰতৰ দৌলত বেগ অ’ল্ডি দুৰ্বল হৈ পৰিল ৷ ডেপচাং উপত্যকাত চীনৰ সেনাই ২০১৩ ৰ এপ্ৰিলত প্ৰায় তিনি সপ্তাহ বাহৰ পাতিছিল। যোৱা আগষ্টত চৰকাৰে ডেপচাঙৰ ওপৰত কৰ্তৃত্ব জাহিৰ কৰিবলৈ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ বিমানঘাটি দৌলত বেগ অ’ল্ডি সক্ৰিয় কৰিবলৈ আৰম্ভ কৰে ৷

Exit mobile version