ক’ভিড১৯ ক লৈ অব্যাহত থকা উদ্বেগজনক পৰিস্থিতিৰ বাবে অসমত আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে নতুন প্ৰযুক্তিৰে প্ৰচাৰ অভিযানৰ সূচনা কৰিলে ৷ অসম জন সম্বোধন নামেৰে ৰাজ্যৰ দলীয় কৰ্মী সমৰ্থকসকলক লৈ আয়োজন কৰা “ভাৰ্চুৱেল ৰেলী”ৰ ভাষণ প্ৰদান কৰে দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ৷ দিল্লীৰ পৰাই নড্ডাই অসমত দলৰ কমেও ৩০ লাখ কৰ্মকতাক পোনপটীয়াকৈ সম্বোধন কৰি আগন্তুক নিৰ্বাচনৰ কাৰণে সকলোকে সাজু হ’বলৈ আহ্বান জনায় । তেওঁ তাৰ বাবে আগবঢ়োৱা ৰণকৌশলৰ সমান্তৰালকৈ প্ৰধান বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰাৰ লক্ষ্য কৰি লয়।
নিৰ্বাচনলৈ সাজু হোৱাৰ বাবে চলিত বৰ্ষটোক উপলব্ধিৰ বছৰৰূপে গ্ৰহণ কৰিবলৈ সকলো কৰ্মকৰ্তাক আহ্বান জনাই নড্ডাই কয় “আমি এই উপলব্ধি মৰ্মে মৰ্মে কৰা উচিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত ৰাজনীতি, অৰ্থনীতি আৰু সামাজিক সংস্কাৰত প্ৰভূত পৰিৱৰ্তন আহিছে ৷ যোৱা ছয় দশকত নোহোৱা কামো ছবছৰত সম্পূৰ্ণ হৈছে ৷ স্বাৰ্থৰ ৰাজনীতিৰ পৰিৱৰ্তে ভাৰতত সেৱাৰ ৰাজনীতি প্ৰৱৰ্তন হৈছে ৷২০১৪ ৰ আগলৈ দেশৰ প্ৰধানমন্ত্ৰী কোন আছিল তাক লৈ জনসাধাৰণ বিভ্ৰান্ত আছিল ৷ এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন সেয়া সকলোৱে জানে ৷ এখন দিশহাৰা দেশক প্ৰধানমন্ত্ৰী মোদীয়ে সঠিক পথলৈ লৈ আহিছে । আজিৰ প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তত আছে দৃঢ়তা । ক’ভিড-১৯ক লৈ তলাবন্ধৰ যি দৃঢ় সিদ্ধান্ত আমাৰ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিছিল তাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই সঠিক সময়ত সঠিক পদক্ষেপ লোৱা বুলি মন্তব্য কৰিছে ৷প্ৰধানমন্ত্ৰীৰ সেই সিদ্ধান্তৰ বাবে আজি ভাৰতবৰ্ষ কৰ’নাৰ বিৰুদ্ধে চলা যুদ্ধত শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে ৷সমান্তৰালভাৱে আমাৰ দেশত কৰ’নাৰ চিকিৎসাৰ সা সৰঞ্জামো প্ৰস্তুত কৰা হৈছে ৷ ভাৰতত এতিয়া দৈনিক ৪.৫ লাখ পি পি কিট প্ৰস্তুত হয়। আমাৰ দেশত কৰ’নাৰ চিকিৎসাৰ সা সৰঞ্জামো প্ৰস্তুত হৈছে । ক’ভিড হাস্পতাল, আই চি ইউৰ সংখ্যা বাঢ়িছে ৷ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰী মোদী সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ স’তে আলোচনাত মিলিত হৈছে । তেওঁলোকৰ মতামত লৈছে ৷ এই পৰ্যন্ত প্ৰধানমন্ত্ৰী মোদী ছবাৰ আলোচনাত মিলিত হৈছে । গতিকে ভাৰত পৰিৱৰ্তন হোৱাৰ ছবিখন ৰাইজক অৱগত কৰিব পাৰিব লাগিব ৷ আমি ৰাইজক আমাৰ কাৰ্যবোৰৰ উদাহৰণেৰে বুজাই দিব লাগিব যে কেৱল বিজেপিয়েহে দেশত পৰিৱৰ্তন আনিবলৈ সক্ষম ।”