প্ৰসংগঃ কৰ’না

rahul pti

দেশত কৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে ৷ টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয় যে যে কৰ’নাৰ ওচৰত মোদীয়ে নিজক আত্মসমৰ্পণ কৰিছে। সম্প্ৰতি মোদী মৌন ৷কৰ’নাৰ নতুন নতুন অঞ্চললৈ সংক্ৰমণ হৈছে ৷ কিন্তু কৰ’নাক প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰৰ হাতত কোনো পৰিকল্পনা নাই ।

ইফালে বিগত ৬ দিনত কৰ’নাত আক্ৰান্তৰ সংখ্যাই পাঁচ লাখ অতিক্ৰম কৰিলে ৷ মাত্ৰ ৬ দিনত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ৪ লাখৰ পৰা পাঁচ লাখ অতিক্ৰম কৰিলে ৷ আনহাতে দেশত বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ১৮,৫৫২ জন ৷আনহাতে মৃত্যু হৈছে ৩৮৪ ৷ দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা হয়গৈ ৫,০৮,৯৫৩ জন ৷ মৃত্যু হৈছে ১৫,৬৮৫ জন ৷আনহাতে কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ২,৯৫,৮৮১ জন।

Exit mobile version