ঘৰত শাৰিৰীক অসুস্থতাত ভোগা স্বামী আৰু তিনিটা সন্তান ৷ স্বামীৰ চিকিৎসা, সন্তানৰ ভৱিষ্যত আৰু প্ৰয়োজনীয় ঘৰুৱা ব্যয় সকলো যোগাৰ কৰাৰ দায়িত্ব পত্নী, মাতৃ তথা গৃহিনী দিপ্তী ভূঞাৰ ওপৰত ৷হু গ্ৰাজুলিৰ পৰা কিছুবছৰৰ পূৰ্বেই তেজপুৰলৈ অহা পৰিয়ালটো স্থানীয় কমাৰ চুবুৰীত ভাড়াঘৰত থাকিবলৈ লয় ৷ তেতিয়া তেওঁৰ স্বামীয়ে ব্যক্তিগত প্ৰতিস্থানত কাম কৰি পৰিয়ালটো চলাই নিছিল ৷ সকলো ঠিকে ঠাকেই চলি থকাৰ সময়তে এদিন হঠাৎ অসুস্থ হৈ পৰা মানুহজনৰ বিভিন্ন চিকিৎসা কৰাৰ পাছতো শয্যাশায়ী হৈ পৰে ৷ বৰ্তমান তেওঁক প্ৰায়েই তেজৰ প্ৰয়োজন হয় ৷ এনে অৱস্থাত যোৱা পাঁচ বছৰৰ অধিক কাল দিপ্তী ভূঞাই তেজপুৰৰ কমাৰ চুবুৰীৰ ভৰ্টক মেছৰ সমীপত শাক-পাচলি বিক্ৰী কৰি পৰিয়ালৰ সকলো দায়িত্ব পালন কৰি আহিছিল ৷ কিন্তু কৰ’নাৰ আৱিৰ্ভাৱৰ ফলত তেওঁৰ সকলো হিচাপ নিকাচ খেলি মেলি লগাই পেলালে ৷
তলাবন্ধৰ সময়চোৱাত উপাৰ্জনৰ পথ বন্ধ হৈ পৰাৰ পাছত তলাবন্ধৰ পৰা ৰাজ্যখন কিছু মুক্ত হোৱাৰ বাবে কিছু সকাহ পাইছিল পৰিশ্ৰমী আৰু স্বাভিমানী মহিলাগৰাকিয়ে ৷ দৈনিক পুৱা প্ৰায় আঠ বজাৰ পৰা দিনৰ আঢ়ৈ বজালৈকে তামোল-পাণ, শাক কেইমুঠিমান, ৰঙালাও এটা, নেমু, জলকীয়া, আদা, বিলাহী, ভাতকেৰেলা আদি বিক্ৰী কৰে । ইয়াৰ পিছতেই লগত তেওঁৰ পুত্ৰক লৈ চাইকেল চলাই ওলাই যায় পিছদিনা বিক্ৰী কৰিবলৈ প্ৰয়োজন হোৱা শাক পাচলিৰ সন্ধানত ৷ বিহগুৰি ঠেলামৰা পুঠিমাৰী আদি অঞ্চলৰ কৃষকৰ পৰা দৈনিক দুশ আঢ়ৈশ টকাৰ সামগ্ৰী ক্ৰয় কৰি সেয়া পিছদিনা বিক্ৰী কৰি পোৱা সামান্য ধনৰেই চলে তেওঁলোকৰ পৰিয়াল ৷ কৰ’নাৰ বাবে ইয়াৰ সংক্ৰমণত নহয়, বন্ধ আৰু বিভিন্ন নিয়ম নীতিৰ আৱশ্যকতাৰ মাজতো ভূঞাৰ দৰে খাতি খোৱা লোকসকলৰ জীৱনলৈ যি দুৰ্যোগ নামি আহিছে সেয়া তেওঁলোকৰ বাবে কৰ’নাৰ সংক্ৰমনতকৈ অধিক ভয়ংকৰ বুলি উল্লেখ কৰি মহিলাগৰাকীয়ে কয় যে তেওঁ সস্তাত আৰু সতেজ শাক-পাচলি বিচাৰি এটা দিনত ৪০-৪৫কিলোমিটাৰ চাইকেল চলাবলগীয়া হয় ৷
কিন্তু ইমান কঠোৰ পৰিশ্ৰম কৰিও জীৱন যুজঁত হাৰ নমনা মহিলাগৰাকী বৰ্তমান অৱস্থাকলৈ শংকিত ৷ কাৰণ, স্বামীক তিনিমাহৰ মূৰে মূৰে প্ৰয়োজন হোৱা তেজৰ বাবেও হাবাথুৰি খাবলগীয়া হয় বহু সময়ত৷কিন্তু কৰ’নাৰ বাবে এতিয়া চিকিৎসালয়লৈ যোৱাটোৱেই এক সমস্যা হৈ উঠিছে ৷ এনে অৱস্থাত পুনৰ শনি আৰু দেওবাৰে তলাবন্ধ আৰম্ভ হোৱাত পেটৰ বাবেই চিন্তা কৰিবলগীয়া হোৱা মহিলাগৰাকীয়ে কয় যে, কৰ’নাত নহয় মানুহ এতিয়া ভোকতহে মৰিব ৷ তেওঁ কয় যে পুৱা হাতত দগা পাল্লা লৈ পাচলি বক্ৰী কৰা,পাছত পুনৰ তেনেবোৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ যোৱা আৰু ইয়াৰ লগতে ঘৰৰ দায়িত্ব পালনৰ দৰে এক তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ জীৱন,দিনে উপাৰ্জন কৰি দিনে খোৱা, ঘৰভাড়া আদায় দিয়াৰ পাছতো ইয়াৰ পূৰ্বে কেতিয়াও তেওঁৰ মনলৈ ভৱিষ্যতকলৈ শংকাৰ উদয় হোৱা নাছিল ৷ কিন্তু এতিয়া জীয়াই থকাৰ বাবেও চিন্তা উদয় হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে বহু সময়ত চৰকাৰী সাহায্যই সকলোকে ধুকি নাপায় ৷ কৰ’নাকলৈ উদ্ভৱ হোৱা এই পৰিস্থিতি শীঘ্ৰেই দূৰ নহ’লে অতিশয় বিপদৰ সন্মূখীন হ’ব বুলিও কয় দিপ্তী ভূঞাই ৷