সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছ বিয়পাই দি ৰং চাই থকা চীনত শেহতীয়াকৈ নতুন সন্ত্ৰাসৰ নাম হৈ পৰিছে ‘বিউব’নিক প্লেগ’। সদ্যহতে, চীনৰ সীমাৰ ভিতৰতে এই নতুন সন্ত্ৰাসে আতংক বিয়পাইছে যদিও সমগ্ৰ বিশ্বই সতৰ্কতাৰে স্থিতি পৰ্যবেক্ষণ কৰি আছে । এই প্লেগক লৈ ইতিমধ্যে প্ৰশাসনে তৃতীয় পৰ্যায়ৰ সতৰ্কতা জাৰি কৰিছে । প্ৰশাসনে প্লেগৰ জীৱাণু বহন কৰিব পৰা যিকোনো ধৰণৰ মাংস নাখাবলৈ সতৰ্ক কৰি দিছে । মূলতঃ অতি তীক্ষ্ণ দাঁত যুক্ত পাহাৰৰ নিগনিয়ে বিউব’নিক প্লেগ বিয়পায় । বিশ্ব স্বাস্থ্য সংস্থাই আশংকা কৰা অনুসৰি সময় মতে চিকিৎসা নকৰালে প্লেগত আক্ৰান্ত বয়োজ্যেষ্ঠ লোকৰ ২৪ ঘণ্টাৰ ভিতৰতে মৃত্যু হ’ব পাৰে ।
যোৱা বছৰো ইনাৰ মংগোলিয়াত নিগনিৰ কেঁচা মাংস ভক্ষণ কৰি বায়ানা-উলগি প্ৰদেশত এক দম্পতী বিউব’নিক প্লেগত আক্ৰান্ত হৈছিল; কিন্ত চিকিৎসকৰ তৎপৰতাৰ বাবে প্লেগ অধিক বিয়পিব নোৱাৰিলে । আনহাতে, গাহৰিৰ মাংসৰ পৰাও ইনফ্লুয়েঞ্জা ভাইৰাছ বিয়পাৰ আশংকাত চীনত যোৱা সপ্তাহত সতৰ্কতা জাৰি কৰা হৈছে । গাহৰিৰ মাংসৰ পৰা জেনোটাইপ-চাৰি ভাইৰাছ বিয়পিব পাৰে বুলিও চীনৰ কৃষি বিশ্ববিদ্যালয় গৱেষকসকলে চিন্তা ব্যক্ত কৰিছে । যাৰ দ্বাৰা পৰিস্থিতি নিশ্চিতভাৱেই অধিক ভয়াবহ হৈ পৰিব পাৰে ।





























