প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেডকাৰে কয় যে প্ৰধানমন্ত্ৰী দ্ৰৰিদ্ৰ কল্যাণ আঁচনিৰ সময়সীমা বৃদ্ধি কৰে ৷এক জুলাইৰ পৰা তিনি মাহলৈ বৃদ্ধি কৰা হয় এই আঁচনিৰ সময়সীমা ৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰী দৰিদ্ৰ আঁচনিৰ লগত জৰিত অন্যান্য আঁচনিৰ সময়সীমাও বৃদ্ধি কৰা হৈছে বুলি জনায় কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেডকাৰে৷
তেওঁ কয় যে বিভিন্ন কম্পেনীৰ ৯০ শতাংশ লোকৰ বেতন ১৫ হাজাৰতকৈও কম ৷ তেওঁলোকৰ পি এফ চৰকাৰে দিছে ৷ আনহাতে উজ্জ্বলা যোজনাৰ অধীনত উপভোক্তাই তিনিটা চিলিণ্ডাৰ লাভ কৰে ৷ইয়াৰ সময় সীমা জুনৰ পৰা বৃদ্ধি কৰি ছেপ্তেম্বৰ কৰা হয়। ইয়াত ব্যয় হ’ব ১৩,৫০০ কোটি টকা ব্যয় হ’ব। ইয়াৰ দ্বাৰা লাভ হ’ব ৪ কোটি লোকৰ। কেবিনেটে পি এফৰ ২৪ শতাংশক জুনৰ পৰা আগষ্টলমকে বৃদ্ধি কৰে ।ইয়াত ব্যয় হ’ব প্ৰায় ৪ হাজাৰ ৮৬০ কোটি টকা ৷
লগতে ইয়াৰ দ্বাৰা প্ৰায় ৭২ লাখ কৰ্মচাৰীৰ লাভ হ’ব। উল্লেখযোগ্য যে কেবিনেটে তিনিটা জেনেৰেল ইঞ্চুৰেন্স কোম্পানী,অ’ৰিন্টেল ইনঞ্চুৰেন্স কোম্পানী,নেশ্যনেল ইঞ্চুৰেন্স কোম্পানী লিমিটেড আৰু ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেন্স কম্পেনীৰ কাৰণে ১২,৪৫০ কোটি টকা মঞ্জুৰী দিছে ।ইয়াত ২০১৯-২০ বিত্তীয় বৰ্ষৰ ২৫০০ কোটি টকাও ইয়াৰ লগত সংযোগ কৰা হৈছে।






























