আছুৰ নতুন দলত যোগ দিব নেকি জুবিন গাৰ্গেঃ চেষ্টা অব্যাহত

zubeen 1

শীঘ্ৰে সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশত অসমত ভূমিষ্ঠ হ’ব এটি নতুন আঞ্চলিক ৰাজনৈতিক দলৰ ৷ কিন্তু তাৰ পূৰ্বেই ইয়াৰ সমৰ্থন আৰু বিৰুদ্ধে সক্ৰিয় হৈছে বিভিন্ন চক্ৰ। ইয়াৰ সমৰ্থনত ভূমুকি মাৰি আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰ লগত অধিক ঘনিষ্ঠতা বৃদ্ধি কৰিছে ৰাজপাটত বহাৰ বাসনা লৈ ফুৰা বিভিন্ন ক্ষেত্ৰৰ বহু লোকে ৷ তাৰ ভিতৰত স্বল্পখ্যাত ৰাজনৈতিক দল অৰাজনৈতিক সংগঠনৰ নেতাৰ পৰা সবল ভিত্তি থকা দল সংগঠনো আছে । একে সময়তে দল গঠনৰ প্ৰক্ৰিয়াত বাধা দিয়াৰ চেষ্টাও তীব্ৰতৰ হৈছে ৷ এনে বাধা দিয়া বহুত ছদ্মবেশী বুলি মন্তব্য কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ অৱশ্যে শেহতীয়াকৈ ঘনিষ্ঠতা বৃদ্ধি কৰাসকলৰ সন্দৰ্ভত গগৈয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে।

উল্লেখযোগ্য যে আছুৰ মজিয়াৰ পৰা অসম গণ পৰিষদ দল গঠন হোৱাৰ পাছত দ্বিতীয়টো দলৰ প্ৰসৱবেদনা আৰম্ভ হৈছে। ৰাজ্যৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন হিচাপে অসম আন্দোলনত দিয়া নেতৃত্বৰ প্ৰভাৱেৰে দল গঠনৰ পাছতে অগপই ৰাজ্যত চৰকাৰ গঠনৰ কৰিবলৈ সক্ষম হৈছিল । তাৰ পুনৰাবৃত্তি নতুন দলৰ জৰিয়তেও হ’ব বুলি ৰাজপাট খাব বিচৰা একাংশই আকাশত চাং পাতি ৰৈ আছে ৷ সেয়েহে গঠনৰ বাবে আগবঢ়া দলটোত মূৰ গুজি নিৰ্বাচনত যুঁজ দিয়াৰ নিগনি দৌৰ আৰম্ভ কৰিছে এনে বহুলোক ৷

সেইসকলৰ বহুতৰে আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ লগত দীৰ্ঘদিনীয়া ঘনিষ্ঠতা আছে ৷ তেনে ঘনিষ্ঠতা বৃদ্ধিৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্যৰ শিল্পী সাহিত্যিক সমাজৰো একাংশই । প্ৰসংগক্ৰমে চমক হিচাপে শিল্পী জুবিন গাৰ্গক দললৈ অনাৰ বাবে আছুৰ নেতৃত্বক বিভিন্ন পক্ষই পৰামৰ্শ আগবঢ়াইছে ৷ সেয়েহে জুবিনক নতুন দললৈ আনিবলৈ প্ৰচেষ্টা অব্যাহত আছে । অৱশ্যে জনপ্ৰিয় শিল্পীজন প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণৰ বাবে আগ্ৰহী নহয় বুলি প্ৰকাশ পাইছে ।

Exit mobile version