কৰ’নাত আক্ৰান্ত এ আই ইউ ডি এফ প্ৰধানঃ স্বাস্থ্যৰ যথেষ্ট অৱনতি

123597 coronavirus 2

কৰ’নাত আক্ৰান্ত হৈ মুম্বাইৰ হাস্পতালত চিকিত্‍সাধীন অৱস্থাত আছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল। সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছে বুলি সদৰী কৰিছে দলটোৱে | আজমলৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমলো কৰ’নাত আক্ৰান্ত হৈছে বুুুলি জানিব পৰা গৈছে ।

বৰ্তমান বদৰুদ্দিন আজমল নিজৰ মুম্বাইস্থিত বাসগৃহত থকাৰ বিপৰীতে বিগত কে’বাদিনো ধৰি ছিৰাজুদ্দিন আজমল মুম্বাইৰ হাস্পতালত চিকিত্‍সাধীন হৈ আছে। দুয়োজন নেতাৰ আশু আৰোগ্য কামনা কৰি সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা/দোৱা কৰিবলৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজকে আহ্বান জনাইছে এ আই ইউ ডি এফৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতিয়ে ৷

Exit mobile version