ৰাজ্যত কৰ’নাত পুনৰ তিনিজন লোকৰ মৃত্যু হৈছে ৷উল্লেখযোগ্য যে জি এম চি এইচত বৰ্তমান বহুকেইজন লোকৰ জীৱন সংকটজনক বুলি তিনিদিন পূৰ্বে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল ৷ ইপিনে, ৰাজ্যত নতুনকৈ ৫৩৫ জনৰ শৰীৰত পোৱা গৈছে কৰ’না ভাইৰাছৰ উপস্থিতি ৷
ADVERTISEMENT
ইয়াৰে ৪১০ জনেই গুৱাহাটী মহানগৰীৰ ৷সম্প্ৰতি ৰাজ্যত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১৬,০৭১ জনলৈ বৃদ্ধি পালে ৷সুস্থ হৈ উঠিছে ১০,৪২৬ জন ৷অসমত সুস্থ হোৱা লোকৰ হাৰ হ’ল ৬৩.৩৯ শতাংশ। সৰু সৰু কেইখনমান ৰাজ্যক বাদ দি মৃত্যু হোৱা লোকৰ হাৰেৰে অসমৰ স্থান একেবাৰে তলত বুলি মন্ত্ৰীজনে সদৰী কৰে।