ফাঁচী বজাৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

WhatsApp Image 2020 07 16 at 7.56.26 PM

মহানগৰীৰ বাণিজ্যিক কেন্দ্ৰ ফাঁচী বজাৰত উপস্থিত হৈ আজি ব্যৱসায়ীক প্ৰতিষ্ঠানত চাদেন ভিজিত দিয়ে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । তলাবন্ধ এই কাৰ্যসূচীত কোনো ব্যৱসায়ীয়ে যাতে আইন ভংগ নকৰে, তাৰ প্ৰতি সকলোকে সতৰ্ক হবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। ইফালে সামাজিক দূৰত্ব বজাই ৰাখি “অমৃত ভাণ্ডাৰ” শীৰ্ষক ব্যৱসায়ীক প্ৰতিষ্ঠানে আয়োজন কৰা এক সামগ্ৰী বিতৰণ অনুস্থানতো অংশগ্ৰহণ কৰে মন্ত্ৰী ভট্টাচাৰ্যই । উক্ত অনুষ্ঠানত প্ৰায় দহ শতাধিক দৰিদ্ৰ পৰিয়ালক সামগ্ৰী বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, তলাবন্ধৰ এই সময়ছোৱাত অমৃত ভাণ্ডাৰ শীৰ্ষক ব্যৱসায়ীক প্ৰতিষ্ঠানটোৱে দৰিদ্ৰ লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে । প্ৰতিষ্ঠানটোৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । অনুষ্ঠানত অ এছ ডি নাৰায়ণ আগৰৱাল, ডিচিপি সহ কে’বাগৰাকীও আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে ফাঁচী বজাৰৰ বহু বিশিষ্ট ব্যৱসায়ী আৰু স্থানীয় ব্যক্তি উপস্থিত থাকে ।

Exit mobile version