নেপালৰ প্ৰধানমন্ত্ৰী কে পি সিং অলিয়ে কিছুদিন পূৰ্বে দাবী কৰিছিল যে ভগবান ৰামৰ জন্ম ভাৰতৰ অযোধ্যাত নহয়,নেপালৰ বীৰগঞ্জস্থিত থোৰীত হৈছিল । অ’লিৰ এই দাবীৰ পিছতে নেপাল চৰকাৰে থোৰীত অনতিপলমে খনন কাৰ্য সম্পন্ন কৰিব ৷ খননৰ দায়িত্ব লৈছে নেপালৰ আৰ্কিঅ’লজি ডিপাৰ্টমেণ্টে ৷ বিতৰ্কিত মন্তব্যৰে অ’লিয়ে কৈছিল যে মা সীতাৰ লগতে ৰামৰ জন্ম হৈছিল নেপালৰ বীৰগঞ্জ জিলাত ৷ লগতে বীৰগঞ্জৰ থোৰী নামৰ ঠাইক ৰামৰ জন্মভূমি বুলি অ’লিয়ে দাবী কৰে ৷ পিছে ৰামৰ জন্মভূমিক লৈ কৰা এই দাবীৰ পিছতে অ’লি যথেষ্ট সমালোচনাৰ সন্মুখীন হয় ৷
ইপিনে অ’লিৰ দাবীৰ পিছতে নেপালৰ আৰ্কিল’লজি বিভাগটো যথেষ্ট সস্ত্ৰম হৈ পৰিছে ৷ আৰ্কিল’লজি বিভাগে অন্যান্য বিভাগসমূহৰ লগতো এই সন্দৰ্ভত আলোচনা কৰিছে ৷ যাতে অ’লিৰ দাবীৰ ওপৰত ভিত্তি কৰি অতি শীঘ্ৰেই খননৰ কাম আৰম্ভ কৰিব পাৰে ৷ এই সন্দৰ্ভত আৰ্কিল’লজি বিভাগৰ সঞ্চালক দামোদৰ গৌতমে কয় “আমি বিভাগীয় মন্ত্ৰণালয়সমূহৰ লগত মত বিনিময় কৰিছো ৷ কিন্তু মই দাবীও কৰিব নোৱাৰো যে আমাৰ লগত এনে কিবা আধাৰ আছে, যিয়ে প্ৰমাণ কৰিব ভগৱান ৰামৰ জন্ম নেপালত হৈছিল।”
উল্লেখযোগ্য যে বিগত সপ্তাহত অ’লীয়ে “ভানু জয়ন্তী” নামৰ এক অনুষ্ঠানত মন্তব্য কৰিছিল “ভগৱান ৰাম ভাৰতীয় নহয়, নেপালী আছিল ৷ প্ৰকৃত অযোধ্যা ভাৰতত নাছিল নেপালৰ বীৰগঞ্জত আছিল।” লগতে ভাৰতৰ বিৰুদ্ধে সংস্কৃতিক দমন কৰাৰো অভিযোগ আনিছিল অ’লিয়ে ৷






























