নেপালত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। দেশখনৰ ধাদিং জিলাত পাহাৰীয়া ৰাস্তাৰ পৰা খাৱৈত পৰিল এখন যাত্ৰীবাহী বাছ । ঘটনাটোত অন্তত ১৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।
ঘটনাটো সংঘটিত হয় Dhading জিলাৰ Prithvi Highwayত। তথ্য অনুসৰি, পখাৰা পৰা কাঠমাণ্ডু অভিমুখে গৈ থকা বাছখন হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা তললৈ বাগৰি পৰে। বাছখন Trishuli Riverৰ কাষত দুৰ্ঘটনাগ্ৰস্ত হয়।
আৰক্ষী আৰু উদ্ধাৰকাৰী দলে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ৪০ৰ অধিক যাত্ৰী আছিল ।
প্ৰাথমিকভাৱে অধিক গতি বা যান্ত্ৰিক ত্ৰুটিৰ সন্দেহ কৰা হৈছে, যদিও দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।
নেপালৰ পাহাৰীয়া পথসমূহত সময় সময়তে এনে শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। শেহতীয়া এই ঘটনাই পুনৰ এবাৰ পথ সুৰক্ষাক লৈ উদ্বেগ বৃদ্ধি কৰিছে।






























