Nepal: ✒️নেপালত ভয়াবহ বিমান দুৰ্ঘটনা। অৱতৰণৰ সময়ত ৰানৱেৰ পৰা ছিটিকি গ’ল যাত্ৰীবাহী বিমান। ৰানৱেৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত গৈ পৰিছে বিমানখন। সৌভাগ্যবশত, কোনো বৃহৎ ক্ষতি হোৱা নাই।
বিমানত থকা ৫৫ জন যাত্ৰী আৰু কৰ্মী সকলক নিৰাপদে উদ্ধাৰ কৰা হৈছে।
শুকুৰবাৰে নিশা কাঠমাণ্ডুৰ পৰা ভদ্ৰপুৰলৈ বুলি ৰাওনা হৈছিল বুদ্ধ এয়াৰৰ এখন বিমান।নিশা ন বজাৰ সময়ত বিমাখন ভদ্ৰপুৰত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু অৱতৰণৰ সময়তে হঠাৎ বিমানখন চকা পিছলৈ যায়, যাৰ ফলত সঠিকভাৱে নামিব পৰা নাছিল।
তথ্য অনুসৰি,বিমানখন ৰানৱেৰ পৰা ছিটকি কমেও ২০০ মিটাৰ দূৰৈত গৈ পৰিছে ।বিমানখন বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ।
এই খবৰ পোৱাৰ লগে লগে কাঠমাণ্ডুৰ পৰা বিশেষ উদ্ধাৰ দল ঘটনাস্থললৈ গৈ, যাত্ৰী আৰু কৰ্মীসকলক সুস্থ অৱস্থাত উদ্ধাৰ কৰিছে।
বুদ্ধ এয়াৰৰ পক্ষৰ পৰা জানোৱা হৈছে যে, এই দুর্ঘটনাৰ বাবে অন্য বিমান চলাচলত কোনো প্ৰভাৱ পৰা নাই। দুর্ঘটনাৰ কাৰণ চোৱা চিতা কৰি উক্ত বিমানখন পৰীক্ষা কৰা হ’ব।
উল্লেখযোগ্য, নেপালত বিমান দুর্ঘটনাৰ ইতিহাস ভয়ংকৰ; বিগত তিন বছৰত দুবাৰ বৃহৎ বিমান দুর্ঘটনা সংঘটিত হৈছে, য’ত মুঠ ৯০ জনৰ মৃত্যু হৈছিল।






























