যৌন নিৰ্যাতনৰ অভিযোগত একেদিনাই দুই জেইলাৰক গ্ৰেপ্তাৰ

tezpur

যৌন নিৰ্যাতনৰ অভিযোগত একেদিনাই গ্ৰেপ্তাৰ হ’ল দুজনকৈ কাৰাগাৰ অধীক্ষক । তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃন্ময় ডাউকা আৰু ধেমাজী কাৰাগাৰৰ অধীক্ষক দুলাল দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ডাউকাৰ বিৰুদ্ধে এজন কাৰাবন্দীৰ পত্নীক যৌন নিৰ্যাতনৰ গোচৰ ৰজু হৈছে ৷ সেইদৰে ধেমাজী কাৰাগাৰ অধীক্ষকজনক এজন যুৱকৰ ওপৰত চলোৱা যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ।

উল্লেখযোগ্য যে ২০১৮ ৰ এপ্ৰিলত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰূপে যোগদান কৰাৰ পাছতে পৰা ডাউকাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপিত হৈ আহিছে ৷ যোৱা এপ্ৰিলত এজন কৰাবন্দীৰ পত্নীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছত ৰাজ্যপালৰ হস্তক্ষেপত তেজপুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷ যোৱা ২৪ মে’ত ডাউকাৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ভাৰতীয় দণ্ড বিধিৰ ৩৫৪(এ)৪০৯ সংযোজিত ৩৭৬ (চি)ৰ অধীনত ৮৪১/২০২০আৰু ২৯৪/৩৫৪/৩৪২/৫০৫ ধাৰাৰ অধীনত ১০০২/২০২০ নম্বৰৰ দুটা গোচৰত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

প্ৰাপ্ত তথ্য অনুসৰি, এই কাৰাগাৰ অধীক্ষকজনৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ কাৰাগাৰসমূহৰ উধ্বৰ্তন কৰ্তৃপক্ষৰ লগতে তদাৰকী আৰু দুৰ্নীতিৰ নিবাৰক শাখাতো লিখিত অভিযোগ দাখিল কৰা হৈছিল । ইয়াৰ পাছতে ৰাজ্যপালৰ নিৰ্দেশত তেজপুৰ সদৰ আৰক্ষী থানাত উক্ত অভিযোগৰ ভিত্তিতে গোচৰ পঞ্জীয়ন কৰা যদিও প্ৰায় এমাহৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ।

ইপিনে অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ হোৱা বুলি ধেমাজী কাৰাগাৰৰ অধীক্ষক দাসৰ বিৰুদ্ধে উত্থাপিত হৈছে কাৰাগাৰৰ ভিতৰতে কাৰাবন্দীক যৌন নিৰ্যাতনৰ চলোৱাৰ অভিযোগ । এক ধৰ্ষণৰ অভিযোগত অভিযুক্ত হৈ কাৰাবন্দী হৈ থকা টিংকু মগৰ নামৰ যুৱকজনৰ মাতৃ উমাদেৱী মগৰে কাৰাগাৰ অধীক্ষকৰ বিৰুদ্ধে ধেমাজী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে অভিযোগ মতে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ প্ৰলোভনত দুলাল দাসে দীৰ্ঘদিনৰ পৰাই কয়দী যুৱকৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল ৷ লগতে বলপূৰ্বক সেৱন কৰাইছিল ড্ৰাগচ-ভাঙৰ দৰে মৰাত্মক নিচা দ্ৰব্য ৷

এই সমস্ত ঘটনা অলপতে মাতৃক অৱগত কৰায় নিৰ্যাতিত টিংকু মগৰে৷ দীৰ্ঘদিনে চলি অহা অত্যাচাৰত শাৰীৰিকভাৱে অসুস্থ হৈ পৰা ঘটনাটো গাপ দিয়াৰ চক্ৰান্তৰে যুৱক জনক মানসিক চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ ষড়যন্ত্ৰ হৈছিল ৷ আৰু শেষত টিংকুৰ মাতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কাৰাগাৰৰ অধীক্ষকজনক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে নিৰ্লজ্জ ঘটনাটোক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ৷ দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে সংগঠনটোৱে ৷

Exit mobile version